মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আগষ্টতে সম্প্ৰসাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ! কোনে কোনে পাব স্থান?

আগষ্টতে সম্প্ৰসাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ! কোনে কোনে পাব স্থান?

News18 Assam | News18-Assam
Updated:August 8, 2021, 2:31 PM IST
আগষ্টতে সম্প্ৰসাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ! কোনে কোনে পাব স্থান?
ইয়াৰ বাবে এক তালিকা প্ৰস্তুত কৰি শনিবাৰে নতুন দিল্লীত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী ড° শৰ্মা ৷

ইয়াৰ বাবে এক তালিকা প্ৰস্তুত কৰি শনিবাৰে নতুন দিল্লীত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী ড° শৰ্মা ৷

  • Share this:

চলিত মাহতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ হ'ব ৷ ইতিমধ্যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰস্তাৱ লৈ নতুন দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ড° শৰ্মা ৷ পিছে কোন কোন নতুন মুখৰ সংযোজন হ'ব ড° শৰ্মাৰ মন্ত্ৰীসভাত ?


প্ৰথমটো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আগষ্টত মাহতেই কৰিবলৈ ওলাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীকে ধৰি ১৪ জনীয়া কেবিনেট মন্ত্ৰীৰ তালিকাত থকা মন্ত্ৰীসকলৰ হাতত একাধিক গুৰুত্বপূৰ্ণ বিভাগ ন্যস্ত কৰা আছে, যাৰ বাবে সুচাৰুৰূপে আৰু তৎড়িত গতিত মুখ্যমন্ত্ৰীয়ে বিচৰাৰ দৰে মন্ত্ৰীসকলে বিভাগসমূহক আগবঢ়াই নিবলৈ সময় দিব পৰা নাই ৷


এই বিষয়বোৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই চলিত মাহতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে ৷ ইয়াৰ বাবে এক তালিকা প্ৰস্তুত কৰি শনিবাৰে নতুন দিল্লীত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী ড° শৰ্মা ৷ দিছপুৰৰ এক সূত্ৰই সদৰী কৰা মতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু BJPৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টোক চূড়ান্ত ৰূপ দিব মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷



দিছপুৰৰ সূত্ৰটোৱে সদৰী কৰা মতে, মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদৰ এজন আৰু UPPLৰ এজনক কেবিনেট মন্ত্ৰী হিচাপে নতুনকৈ মন্ত্ৰীসভাত নাম ভৰাবলৈ সাজু মুখ্যমন্ত্ৰী ৷ এই হিচাপত অসম গণ পৰিষদৰ পৰা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নাম উচ্চাৰিত হৈছে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ গুডবুকত ফণীভূষণ চৌধুৰীতকৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাহে ওপৰত বুলি দিছপুৰৰ সূত্ৰত প্ৰকাশ ৷


মিত্ৰজোঁট UPPLৰ লৰেন্স ইছলাৰী আৰু BTRৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ ভিতৰত শেহতীয়াকৈ লৰেন্স ইছলাৰীকেই কেবিনেটত স্থান দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু BTRৰ মুৰব্বীয়ে ঠিক কৰিছে বুলি জানিব পৰা গৈছে ৷ UPPLৰ শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, গোবিন্দ বসুমতাৰীয়ে BTRৰ উপ মুখ্য কাৰ্যবাহী সদস্যৰ পদতেই কাৰ্যনিৰ্বাহ কৰি যোৱাৰ পোষকতা কৰিছে দলে৷


ইয়াৰ বাবে ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক পদৰ পৰা গোবিন্দ বসুমতাৰীয়ে পদত্যাগ কৰিব লাগিব ৷ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে BPFৰ ৰিহণ দৈমাৰীয়ে BJP অথবা UPPLৰ টিকট লৈ জয়ী হৈ অহাৰ অংক কৰিছে ৷


ইপিনে নিজ দলৰ এজনক কেবিনেটত নতুনকৈ স্থান দি আন তিনিজনক ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান দিবলৈ মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা কৰিছে বুলি দলীয় এক সূত্ৰত প্ৰকাশ ৷ সমান্তৰালকৈ BJPৰ জ্যেষ্ঠ নেতা তথা তিনিজনমান জ্যেষ্ঠ বিধায়কক বহুকেইটা নিগম-নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদত নিযুক্তি দি সংস্থাপিত কৰিবলৈ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ অৱশ্যে ইয়াৰ বাবে কিছুদিন অপেক্ষাৰ প্ৰয়োজন হ'ব ৷

Published by: Gautam Barman
First published: August 8, 2021, 2:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি