আজি অনুষ্ঠিত হোৱা কৰ্মী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ লক্ষ্য কৰি লয় জুবিন গাৰ্গক
আজি অনুষ্ঠিত হোৱা কৰ্মী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ লক্ষ্য কৰি লয় জুবিন গাৰ্গক
আজি খানাপাৰাত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ বুথ কৰ্মী সন্মিলন। সন্মিলনত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যচৰকাৰৰ প্ৰায় সকলো মন্ত্ৰী, বিধায়কসকল। উপস্থিত থাকে বিজেপিৰ সাংসদ সকলৰ লগতে শীৰ্ষ পৰ্যায়ৰ নেতাসকলো। আজি অনুষ্ঠিত হোৱা কৰ্মী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ লক্ষ্য কৰি লয় জুবিন গাৰ্গক। জুবিন গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি হিমন্ত বিশ্বই কয় যে, ‘লতাশিলত কোনোৱাই ক’ব মোৰ ধৰ্ম নাই, ভগৱান নামানো, এয়া কেনেধৰণৰ আন্দোলন?’ কিন্তু আমি এইখন মঞ্চৰ মাজৰ পৰা কৈছো আমি ভগবান মানিম। বাওপন্থী চিন্তাৰে ভগবান নাই বুলি কৰা আন্দোলন নালাগে।’
হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰা কিছু মন্তব্যঃ
কাৰোবাৰ মাতৃ পিতৃক আক্ৰমণ কৰি আন্দোলন নহয়, অসম আন্দোলন চান্দাৰ ওপৰত চলা নাছিল। অসম আন্দোলনত ফাঁচী বজাৰৰ দোকান বন্ধ কৰিব লগা নাছিল।
এই গণতান্ত্ৰিক আন্দোলনৰ নামত কোনোবাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, ৰাজনৈতিক দল খোলাৰ সপোন দেখে, তেন্তে তাক বিজেপিয়ে ৰাজনৈতিক ভাবে প্ৰত্যুত্তৰ দিব।
কোনোবাই যদি কয় ভগৱান নাই মই ভগৱান নামানো তেন্তে আমি এইখন মঞ্চৰ মাজৰ পৰা কৈছো আমি ভগবান মানিম। বাওপন্থী চিন্তাৰে ভগবান নাই বুলি কৰা আন্দোলন নালাগে।
যিসকলে লতাশিল, চানমাৰিৰ পৰা আন্দোলন তদাৰক কৰি আছে সেই সকলক কম এয়া কেৱল বিজেপিৰ জনপ্ৰতিনিধিৰ সভাহে। কাৰ্যকৰ্তা সকল এতিয়াও ঘৰত বহিয়েই আছ।
আছুয়ে ১৯৭১ চনৰ ভিত্তি বৰ্ষ কৰিব বুলি জনা হলে খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিলে হেতেননেকি ? সমুজ্জ্বল ভট্টাচাৰ্যই কৈছে সেইসময়ত এইখনেই ভাল চুক্তি আছিল। কিন্তু ১৯৮৭ চনত নাগৰিকত্ব সংশোধনী কৰি ক'লে বাংলাদেশীৰ ল'ৰা ছোৱালী অসমত ভাৰতীয় হব। সেই সংশোধনীতেই অসম চুক্তিৰ মূল্য সেইদিনাই শেষ হৈছিল ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|