‘CAB খন চালি–জাৰি চালে কোনেও বিৰোধিতা নকৰে, বৰঞ্চ আদৰিবহে’

News18-Assam
Updated:November 17, 2019, 5:06 PM IST
‘CAB খন চালি–জাৰি চালে কোনেও বিৰোধিতা নকৰে, বৰঞ্চ আদৰিবহে’
লখিমপুৰত CAB সন্দৰ্ভত আকৌ মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

লখিমপুৰত CAB সন্দৰ্ভত আকৌ মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
অসমৰ খিলঞ্জীয়াৰ বাবে ভাবুকি স্বৰূপ বুলি অভিযোগ কৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আকৌ এবাৰ মুখ খুলিছে ৰাজ্যৰ স্বাস্থ্য, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত এক চৰকাৰী কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী শৰ্মাই কয় যে, নাগৰিকত্ব সংসোধনী বিধেয়ক ভালে খিনি সংশোধন কৰা হ’ল। বৰ্তমান যি বিধেয়কখন চালি–জাৰি চাই, গভীৰতালৈকে সোমাব পাৰিব, তেওঁ কেতিয়াও CAB বিৰোধীতা নকৰে।’ ড০ শৰ্মাই লগতে কয় যে, CAB আহিলে কোটি কোটি হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব বুলি ওলোৱা খবৰ মাত্ৰ এক অপপ্ৰচাৰ হে। বিধেয়ক গৃহিত হলেও কোটি কোটি বাংলাদেশীয়ে নাপাই ভাৰতৰ নাগৰিকত্ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি