প্ৰসংগঃ সংস্কৃত টোল বন্ধ! মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে– ‘পিতৃ–মাতৃৰ কথাত নচলে চৰকাৰ’

News18 Assam | News18-Assam
Updated:February 22, 2020, 11:53 AM IST
প্ৰসংগঃ সংস্কৃত টোল বন্ধ! মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে– ‘পিতৃ–মাতৃৰ কথাত নচলে চৰকাৰ’
সংস্কৃত টোল বন্ধ কৰাৰ বিৰোধিতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে

সংস্কৃত টোল বন্ধ কৰাৰ বিৰোধিতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে

  • News18 Assam
  • Last Updated: February 22, 2020, 11:53 AM IST
  • Share this:
শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে সিদ্ধান্ত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগে লগে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সংস্কৃত টোলত ধৰ্মীয় শিক্ষা প্ৰদান কৰা বুলি চৰকাৰে কৰা মন্তব্যক সহজ ভাবে ল’ব পৰা নাছিল বহুতে। সংস্কৃত টোল বন্ধ কৰাৰ বিৰোধিতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়েও।

মাতৃয়ে সংস্কৃত টোল বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক সমালোচনা কৰা প্ৰসংগত প্ৰথমবাৰলৈ মুখ খুলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই কয় যে, ‘পিতৃ–মাতৃৰ কথাত চৰকাৰ নচলে। সংস্কৃত টোল মেট্ৰিক পাছ কৰাৰ আহিলা হৈ পৰিছে। চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল।’

 
আৰু চাওক
পৰৱৰ্তী বাতৰি