CABক লৈ সুখী অৰুণাচল, মিজোৰাম, মেঘালয়, নাগালেণ্ডঃহিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:December 4, 2019, 5:21 PM IST
CABক লৈ সুখী অৰুণাচল, মিজোৰাম, মেঘালয়, নাগালেণ্ডঃহিমন্ত বিশ্ব শৰ্মা
CNN News18 ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

CNN News18 ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

  • Share this:
CNN News18 ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। এটা সময়ত কিছু অসুবিধা আছিল যদিও, অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পিছতে অৰুণাচল প্ৰদেশ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, মণিপুৰৰ বৰ্তমান  CABক লৈ শংকা দূৰ হৈছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই লগতে কয় যে, বিগত তিনি মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰায় ১৫০ টা সংগঠনৰ প্ৰায় ৬০০ প্ৰতিনিধিৰ সৈতে CAB সন্দৰ্ভত বৈঠকত মিলিত হৈছে।

অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাই CAB ৰ বিৰুদ্ধে অব্যাহত ৰখা ধাৰাবাহিক প্ৰতিবাদক পৰোক্ষ ভাবে নস্যাৎ কৰি, বিষয়টো কেৱল আছু কেন্দ্ৰীক নহয়,  CAB লৈ ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল সুখী বুলি মন্তব্য কৰে। মন্ত্ৰী শৰ্মাই লগতে কয় যে, অসমত এতিয়া যিসকলে CABৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, তেওঁলোকে প্ৰতিবাদ কৰিবই কাৰণ তেওঁলোকক সৈমান কৰোৱাতো অসম্ভৱ বুলি মন্তব্য কৰে।

কি ক’লে হিমন্ত বিশ্বই

আৰু চাওক
পৰৱৰ্তী বাতৰি