প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কেতিয়াও গ্ৰহণ নকৰে ৰাজ্য চৰকাৰে। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰকাশিত NRCত সোমাল নোসোমাবলগীয়া মানুহৰ নাম। আৰু বাদ পৰিল প্ৰকৃত ভাৰতীয় নাম। গতিকে কোনো কাৰণেই গ্ৰহণযোগ্য নহয় NRC। মন্ত্ৰী শৰ্মাই লগতে কয় যে, নতুনকৈ দেশজুৰি NRC প্ৰস্তুতৰ যি ভিত্তিবৰ্ষ হ’ব, সেই ভিত্তিবৰ্ষকে মানি ল’বলৈ সাজু ৰাজ্য চৰকাৰ।
ইফালে অসমৰ NRC নসাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও। এইবাৰ সমগ্ৰ দেশতে আৰম্ভ হ’ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোককে সন্মান জনাই আৰম্ভ কৰা হ’ব নাগৰিক পঞ্জীৰ কাম। গতিকে কোনো লোকেই এই বিষয়ত ভয় খোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী শৰ্মাই সংবাদমেলত CAB প্ৰসংগতো বিশেষ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, বিগত লোকসভা নিৰ্বাচনত ফলাফলেই স্পষ্ট ইংগিত প্ৰদান কৰিলে যে অসমৰ ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত।CAB ওপৰত এতিয়া কেৱল সংবাদ মাধ্যমতে চৰ্চা চলিছে, অসমৰ ৰাইজৰ আলোচ্য বিষয় নহয় বুলিও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 20, 2019, 16:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।