• Home
  • »
  • News
  • »
  • assam
  • »
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে অসমত লাভ নকৰে চৰকাৰী চাকৰি! নিজ মুখে স্বীকাৰ মন্ত্ৰী হিমন্ত বিশ্বৰ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে অসমত লাভ নকৰে চৰকাৰী চাকৰি! নিজ মুখে স্বীকাৰ মন্ত্ৰী হিমন্ত বিশ্বৰ

Source-Google

Source-Google

অসমত চাকৰি লাভ কৰিবলৈ পঢ়াৰ লগতে লিখিব পাৰিব লাগিব অসমীয়া ভাষা

  • Share this:
ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে অসমত লাভ নকৰে চৰকাৰী চাকৰি! এই কথা নিজ মুখে উল্লেখ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীৰ সন্তানে অসমত চাকৰি লাভ নকৰাৰ প্ৰকৃত কাৰণতো হ’ল, হিমন্ত বিশ্বৰ শৰ্মাৰ সন্তানে মাতৃভাষা হিচাপে অসমীয়া ঠিকেই ক’ব পাৰে। কিন্তু লিখিব নাজানে অসমীয়া। সেইকাৰণে অসম চৰকাৰৰ চাকৰি লাভ কৰাৰ পৰা বঞ্চিত হ’ব শৰ্মাৰ সন্তান।

উল্লেখযোগ্য যে, অসমীয়া ভাষাক চিৰদিনলৈ বৰ্তাই ৰখাৰ স্বাৰ্থত অসম চৰকাৰে প্ৰণয়ন কৰিব এখন নতুন আইন। অসমত চৰকাৰী চাকৰি পাবলৈ অসমীয়া লিখিব আৰু পঢ়িব পাৰিবই লাগিব। অন্যথা লাভ নকৰিব কোনো ধৰণৰ অসম চৰকাৰৰ অধীনৰ চাকৰি। আনহাতে মেট্ৰিক পৰীক্ষাত MIL অসমীয়া লোৱাতো হ’ব বাধ্যতামূলক। উল্লেখযোগ্য যে, অসমীয়া ভাষা পঢ়িব আৰু লিখিব নাজানিলে অসমীয়া ছাত্ৰ–ছাত্ৰীও বঞ্চিত হ’ব চৰকাৰী চাকৰিৰ পৰা।

মন্ত্ৰী শৰ্মাই কয় যে, ‘মোৰ সন্তানে বাহিৰত পঢ়া–শুনা কৰি আছে। মাতৃভাষা হিচাপে কিছু পৰিমাণে অসমীয়া ক’ব পাৰে যদিও, লিখিব নাজানে অসমীয়া। গতিকে চাকৰি নাপাব অসমত।’
Published by:Himangshu Bhuyan
First published: