‘শ্ৰীমন্ত কলাক্ষেত্ৰত আমাৰ সৈতে মুকলি বিতৰ্কত ভাগ লওক’ সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰত্যাহ্বান হিমন্ত বিশ্বৰ

News18 Assam | News18-Assam
Updated:December 26, 2019, 6:55 PM IST
‘শ্ৰীমন্ত কলাক্ষেত্ৰত আমাৰ সৈতে মুকলি বিতৰ্কত ভাগ লওক’ সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰত্যাহ্বান হিমন্ত বিশ্বৰ
Source-Google

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমুজ্জ্বল ভট্টাচাৰ্যক টুইটাৰ যোগে জনাইছে প্ৰত্যাহ্বান

  • Share this:
ৰাজ্যত চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে  তীব্ৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ ৰাইজেও প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনাৰে থকা সৰকা কৰিছে। সেই সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমুজ্জ্বল ভট্টাচাৰ্যক টুইটাৰ যোগে জনাইছে প্ৰত্যাহ্বান।



‘আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ সৈতে মুকলি বিতৰ্কত ভাগ লওক। অমিত শ্বাহৰ সৈতে হোৱা বৈঠক কি কি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই সন্দৰ্ভতো হওক তৰ্ক বিতৰ্ক।’
Published by: Himangshu Bhuyan
First published: December 26, 2019, 6:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি