‘লিগেচী ডাটা মেনেজ কৰি NRC ত নাম সন্নিৱিষ্ট কৰিলে একাংশই’

News18-Assam
Updated:August 31, 2019, 3:36 PM IST
‘লিগেচী ডাটা মেনেজ কৰি NRC ত নাম সন্নিৱিষ্ট কৰিলে একাংশই’
প্ৰকাশিত NRC কলৈ ৰাজ্যৰ স্বাস্থ্য–বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

প্ৰকাশিত NRC কলৈ ৰাজ্যৰ স্বাস্থ্য–বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

  • Share this:
প্ৰকাশিত NRC কলৈ ৰাজ্যৰ স্বাস্থ্য–বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে  মন্ত্ৰী ড০ শৰ্মাই। মন্ত্ৰী শৰ্মাৰ মতে বৃহৎ সংখ্যকে লিগেচী ডাটা মেনেজ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিৱিষ্ট কৰিলে।

সেইদৰে ১৯৭১ চনত বাংলাদেশৰ পৰা ভাৰতবৰ্ষলৈ শৰনাৰ্থী হিচাপে অহা বহু সংখ্যক ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্নিৱিষ্ট নোহোৱাৰ দিশটোও আঙুলিয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে।

শুকুৰবাৰেও মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাই NRC ক কেন্দ্ৰ কৰি বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ পৰা স্পৰ্শকাতৰ জিলা সমূহত ৬,৭ শতাংশ লোকৰ নাম বাদ পৰাটোৱেই আচলতে NRC কিমান প্ৰাসংগিক সেই কথা ভবাই তুলিছিল বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে।



আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading