‘CABক লৈ কেৱল সংবাদমাধ্যমতহে চৰ্চা, আন ক’তোৱেই শুনিবলৈ নাপাও’

News18-Assam
Updated:November 20, 2019, 4:43 PM IST
‘CABক লৈ কেৱল সংবাদমাধ্যমতহে চৰ্চা, আন ক’তোৱেই শুনিবলৈ নাপাও’
লোকসভা নিৰ্বাচনৰ ফলাফলেই প্ৰমাণ কৰিলে, অসমবাসী যে এতিয়া CAB ৰ পক্ষত

লোকসভা নিৰ্বাচনৰ ফলাফলেই প্ৰমাণ কৰিলে, অসমবাসী যে এতিয়া CAB ৰ পক্ষত

  • Share this:
সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলতে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চলি আছে। l তথাপিও যেন ক’তো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ দেখা নাই অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ড০ শৰ্মাই আকৌ এবাৰ অসমীয়া মানুহৰ প্ৰতিবাদক ভেঙুচালি কৰি বিতৰ্কিত CAB ৰ সমৰ্থনত অৱস্থান গ্ৰহণ কৰিলে। সাংবাদিকৰ এটা প্ৰশ্নত হিমন্ত বিশ্বই কয় যে, যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলেই প্ৰমাণ কৰিলে যে অসমৰ ৰাইজ চৰকাৰৰ পক্ষত। CAB ৰ বিৰুদ্ধে চৰ্চা কেৱল সংবাদ মাধ্যমতহে। অসমৰ ৰাইজৰ আলোচ্য বিষয়েই নহয় CAB।

কি ক’লে শুনক মন্ত্ৰী শৰ্মাই

আৰু চাওক
পৰৱৰ্তী বাতৰি