• Home
  • »
  • News
  • »
  • assam
  • »
  • জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, লগত মন্ত্ৰী পীয়ুষ হাজৰিকা

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, লগত মন্ত্ৰী পীয়ুষ হাজৰিকা

নেমকেয়াৰ হাস্পতালত চলি আছে জুবিন গাৰ্গৰ চিকিৎসা

নেমকেয়াৰ হাস্পতালত চলি আছে জুবিন গাৰ্গৰ চিকিৎসা

নেমকেয়াৰ হাস্পতালত চলি আছে জুবিন গাৰ্গৰ চিকিৎসা

  • Share this:
নেমকেয়াৰ হাস্পতালত চলি আছে জুবিন গাৰ্গৰ চিকিৎসা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছতে জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য, শিক্ষা, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাৰ লগত নেমকেয়াৰ হাস্পতালত উপস্থিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা।

সাংবাদিকৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘জুবিন গাৰ্গ এতিয়া সুস্থ। এতিয়া দ্ৰুত গতিত উন্নতি হৈছে জুবিন গাৰ্গৰ স্বাস্থ্য। তত্যাধিক কষ্ট কৰাৰ ফলতে কেতিয়াবা এনেকুৱা হয়। চিন্তা কৰিবলগীয়া একো নাই।’

মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘আৰু দুদিনমান চিকিৎসকৰ তত্বাৱধানত থকাতো ভাল। তেতিয়া স্বাস্থ্য জনিত সকলো পৰীক্ষা কৰি ল’ব পৰা যাব। গতিকে ইয়াতে দুদিন মান চিকিৎসকৰ তত্বাৱধানত থকাতো বিচাৰিম।’
Published by:Himangshu Bhuyan
First published: