দিনত শ্লোগান, নিশা চান্দা তোলাৰ আন্দোলন আছিল CAA বিৰোধী আন্দোলন:হিমন্ত বিশ্ব শৰ্মা

ডিব্ৰুগড় বিজেপিৰ সংকল্প সমাৰোহ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি আৰু অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ অংশগ্ৰহণ।
ডিব্ৰুগড় বিজেপিৰ সংকল্প সমাৰোহ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি আৰু অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ অংশগ্ৰহণ।
- News18 Assam
- Last Updated: February 23, 2020, 3:10 PM IST
মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাই ভাষণ প্ৰসংগত কয় যে, ‘দিনত শ্লোগান, নিশা চান্দা তোলাৰ আন্দোলন আছিল CAA বিৰোধী আন্দোলন। দৰা-কইনাক ৰাজপথত নমাই কৰা আন্দোলন মই দেখা নাই। অসম আন্দোলনতো এনে পৰিবেশ মই দেখা নাছিলো। আন্দোলনৰ নামত বিধায়কৰ ঘৰ জ্বলাই দিব, কলাক্ষেত্ৰ আক্ৰমণ কৰিব সেয়া কেনে ধৰণৰ আন্দোলন?’
মন্ত্ৰী শৰ্মাই সভাত বহু প্ৰতিশ্ৰুতিও দিয়ে। চলিত কাৰ্যকালত চৰকাৰে কি কি কাম কৰিলে, বা আগন্তুক এবছৰত কি কি কাম কৰিব, তাৰ এক খতিয়ানো দাঙি ধৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।