নাম নোলোৱাকৈ জুবিনক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ, জাগীৰোড কি ক’লে হিমন্ত বিশ্বই?

News18 Assam | News18-Assam
Updated:December 27, 2019, 2:42 PM IST
নাম নোলোৱাকৈ জুবিনক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ, জাগীৰোড কি ক’লে হিমন্ত বিশ্বই?
জাগীৰোডত আজি বিজেপিৰ মৌন সমদলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ, একাংশ বুদ্ধিজীৱীৰ লগতে কটাক্ষ কৰে জুবিন গাৰ্গকো

জাগীৰোডত আজি বিজেপিৰ মৌন সমদলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ, একাংশ বুদ্ধিজীৱীৰ লগতে কটাক্ষ কৰে জুবিন গাৰ্গকো

  • Share this:
জাগীৰোডত আজি বিজেপিৰ মৌন সমদলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ, একাংশ বুদ্ধিজীৱীৰ লগতে কটাক্ষ কৰে জুবিন গাৰ্গকো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আগভাগ লৈছিল জুবিনে। বিজেপিৰ সভাত নাম নোলোৱাকৈয়ে জুবিনক কটাক্ষ কৰে হিমন্ত বিশ্বই। হিমন্ত বিশ্ব শৰ্মাই কয় – ‘অসমৰ মহিলাক সেই পৰ্যায়লৈ নমোৱাৰ মোৰ সাহস নাই। অসমৰ মহিলাৰ মুখত শংকৰদেৱৰ নাম আহক, বেয়া মাত আমাক নালাগে। বেয়া শব্দ ক’বলৈ নোকোৱা বাবে যদি মই দেশদ্ৰোহী হয়, তেন্তে দেশদ্ৰোহী হ’৸বলৈ সাজু আছো।’

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পূৰ্বৰে পৰা মাত মাতি আহিছে জুবিন গাৰ্গে। অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ জুবিনে কোনো কাৰণতে এই বিতৰ্কিত আইনখন মানি লোৱা নহ’৸ব বুলি স্পষ্ট কৰি দিছে। শিল্পী সমাজৰ লগতে ছাত্ৰ সমাজৰ প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰি বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে জুবিনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি