নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, উপস্থিত অভিনেতা যতীন বৰা

News18 Assam | News18-Assam
Updated:January 26, 2020, 10:51 AM IST
নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, উপস্থিত অভিনেতা যতীন বৰা
আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস

  • Share this:
আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস। নগাঁৱত পতাকা উত্তোলন কৰে ৰাজ্যৰ বিত্ত, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত মন্ত্ৰী শৰ্মাই কয় যে, ‘যোৱা দুমাহত ভাৰতত মৌলবাদী শক্তিৰ উত্থান হৈছে। দিল্লীৰ শ্বাহিন বাগৰ পৰা ভাৰতবৰ্ষৰ সংস্কৃতিক ধ্বংস কৰাৰ পৰিকল্পনা হৈছে।অসমক বিচ্ছিন্ন কৰাৰ পৰিকল্পনা মৌলবাদী শক্তিয়ে কৰাটো চিন্তাজনক।’



তাৎপৰ্যপূৰ্ণ ভাবে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অভিনেতা যতীন বৰা। বহু দিনৰ বিৰতিৰ পিছত  যতীন বৰাক এনেদৰে ৰাজহুৱা স্থানত প্ৰত্যক্ষ কৰে উপস্থিত দৰ্শকে। যদিও যতীন বৰা উপস্থিত থাকে, তথাপিও সভাত একাষৰীয়াকৈ বহাহে পৰিলক্ষিত হ’ল।
আৰু চাওক
পৰৱৰ্তী বাতৰি