‘কা কা নহয়, ক’ব লাগিছিল মা মা’

News18 Assam | News18-Assam
Updated:January 24, 2020, 5:14 PM IST
‘কা কা নহয়, ক’ব লাগিছিল মা মা’
কংগ্ৰেছক তীব্ৰ কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কংগ্ৰেছক তীব্ৰ কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
‘এতিয়া কা কা কৈ গোটেই অসম ঘূৰা কংগ্ৰেছে, আগতে মা মা কোৱা হেতেন আজি অসমত এই পৰিস্থিতি নহ’ল হেতেন। অসমখনত এতিয়া বাংলাদেশী মুছলমানৰ আগ্ৰাসন। ইখনৰ পিছত সিখন জিলা ওলাই গৈছে ভাৰতীয় মূলৰ মানুহৰ হাতৰ পৰা। ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, কৰিমগঞ্জৰ পিছত নগাঁও, মৰিগাঁওৰ আধা অংশ লৈ গ’ল বাংলাদেশী মুছলমানে। এতিয়া বোকাখাতৰ দুৱাৰডলিত ভৰি দিলেহি বাংলাদেশীয়ে।’

এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।  বোকাখাতৰ অগপ–বিজেপিৰ সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী শৰ্মাই এইবাৰ বিজেপিৰ যুঁজ আজমলবাহিনীৰ বিৰুদ্ধে বুলি উল্লেখ কৰে। মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘কাজিৰঙাৰ গড় হত্যা ৰোধ কৰিছে বিজেপি চৰকাৰে। কাজিৰঙাৰ পৰা অবৈধ নাগৰিকক উচ্ছেদ কৰিলে বিজেপি চৰকাৰে। বিজেপিয়ে আজমল বাহিনীৰ বিৰুদ্ধে যুঁজ দিব। যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব, তেতিয়ালৈকে অসমত এজনো বিদেশীয়ে প্ৰৱেশ কৰিব নোৱাৰিব। অসমকলৈ হেতালি খেলিবলৈ কাকো সুবিধা নিদিয়ে বিজেপিয়ে।’
Published by: Himangshu Bhuyan
First published: January 24, 2020, 5:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading