• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘গংগাৰ পানীৰে ধুৱালেও পবিত্ৰ নহ'ব অজিত ভূঞা, তেওঁ একো CAA বিৰোধী প্ৰাৰ্থী নহয়’

‘গংগাৰ পানীৰে ধুৱালেও পবিত্ৰ নহ'ব অজিত ভূঞা, তেওঁ একো CAA বিৰোধী প্ৰাৰ্থী নহয়’

‘আজলমৰ সমৰ্থন লৈ অসমৰ বৌদ্ধিক জগতখনক তলত পেলালে অজিত কুমাৰ ভূঞাই’

‘আজলমৰ সমৰ্থন লৈ অসমৰ বৌদ্ধিক জগতখনক তলত পেলালে অজিত কুমাৰ ভূঞাই’

‘আজলমৰ সমৰ্থন লৈ অসমৰ বৌদ্ধিক জগতখনক তলত পেলালে অজিত কুমাৰ ভূঞাই’

  • Share this:
অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ এখন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। আজিত ভূঞাক সংগ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে।

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়তে অজিত কুমাৰ ভূঞাক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী শৰ্মাই কয় যে, ‘অজিত ভূঞাক গংগাৰ পানীৰে ধুৱালেও পবিত্ৰ নহ'ব। তেওঁ একো কা বিৰোধী প্ৰাৰ্থী নহয়। এআইডিইউএফক এপ্লিকেশন দি প্ৰাৰ্থী হৈছে তেওঁ এআইডিইউএফকৰ প্ৰাৰ্থী হৈ অসমীয়া মানুহক বাংলাদেশীৰ ভৰিত তললৈ নিলে। অসমৰ বৌদ্ধিক সমাজক কলুষিত কৰিলে অজিত ভূঞাই।’



হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘ আজমলৰ ভৰিত পৰি টিকট লৈছে অজিত ভূঞাই। অসমৰ বৌদ্ধিক জগতখনক তলত পেলালে। তৃতীয়খন আসনৰ প্ৰাৰ্থীক সমৰ্থন নকৰে বিজেপি, অগপ, বিপিএফে। অজিত ভূঞালৈ সহানুভূতি জাগিছে মোৰ। দুখ লাগিছে। বাংলাদেশীসকলৰ ভৰিত পেলালে অসমীয়া জাতিটোক। ৰাজ্যসভাৰ বাবেই যদি ইমান নাটক কৰিবলগীয়া আছিলে, আগতেই আজমলৰ দলত যোগদান কৰিব লাগিছিল।’
Published by:Himangshu Bhuyan
First published: