ৰাজপথত প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন! তেজপুৰ বিমান কোঠত আৱদ্ধ হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:December 28, 2019, 12:59 PM IST
ৰাজপথত প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন! তেজপুৰ বিমান কোঠত আৱদ্ধ হিমন্ত বিশ্ব শৰ্মা
বিধায়ক পদ্ম হাজৰিকাকো আছুৱে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।

বিধায়ক পদ্ম হাজৰিকাকো আছুৱে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।

  • News18 Assam
  • Last Updated: December 28, 2019, 12:59 PM IST
  • Share this:
তেজপুৰত যুদ্ধসদৃশ পৰিস্থিতি। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। তীব্ৰ প্ৰতিবাদ দেখি তেজপুৰৰ বিমান বন্দৰতে আৱদ্ধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘোঁৰামৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তেজপুৰলৈ গৈছে হিমন্ত বিশ্ব শৰ্মা। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বাবে এতিয়া বিমানকোঠতে আৱদ্ধ হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ কনভয়। মন্ত্ৰীৰ আগমনৰ বাবে গঢ়ি তুলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।ইফালে একেটা অনুষ্ঠানলৈ যোৱা বিধায়ক পদ্ম হাজৰিকাকো আছুৱে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি