"মই যদি কংগ্ৰেছৰ টিকট লৈ জিকিলোঁ, ৰিপুণ বৰা (Ripun Bora)ই কিয় জিকিব নোৱাৰিলে "বুলি প্ৰশ্ন ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ৰ।
"মই যদি কংগ্ৰেছৰ টিকট লৈ জিকিলোঁ, ৰিপুণ বৰা (Ripun Bora)ই কিয় জিকিব নোৱাৰিলে "বুলি প্ৰশ্ন ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ৰ।
বিধায়ক হৈ নাথাকিলেও আজি বিধানসভাৰ চৌহদত উপস্থিত হৈ মৰিয়নীৰ সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)য়ে বিজেপি (BJP) চৰকাৰ আৰু দলৰ গুণ গৰিমা বখানে সংবাদমাধ্যমত। আজি বিজেপিৰ সকলো বিধায়কৰ লগতে ৰূপজ্যোতিকো মৰাণ জনগোষ্ঠীৰ গামোচাৰে সন্মান জনালে বিধানসভাত।
বিধানসভাৰ অধিবেশনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলেও দুখী নহয় ৰূপজ্যোতি কুৰ্মী। পৰৱৰ্তী বিধানসভাত অংশগ্ৰহণ কৰাৰ আশা ৰূপজ্যোতিৰ। সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰূপজ্যোতি কুৰ্মীয়ে কয়, "আগন্তুক ২০ বছৰলৈ ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই মুখ্যমন্ত্ৰী হৈ থাকিব।"
এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, "ৰাজ্যত ধৃত অপৰাধীক এনকাউণ্টাৰক লৈ বিৰোধী শিবিৰ হিংসাত জ্বলিছে পুৰিছে।"
আনহাতে মৰিয়নী (Mariani)ত হ'ব লগা উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি কুৰ্মীয়ে কয় যে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী দিয়া মানেই AIUDFৰ লগতো অখিল গগৈ (Akhil Gogoi)ৰ সনা-পিটিকা আছে। তেওঁ কয়, "মই চিধা-চিধি মানুহ। সোঁফাল-বাওঁফাল মই নুবুজোঁ। মই ধনু। ৰাইজৰ কাম কৰি ভাল পাওঁ। আনৰ দুখত দুখী মই। যিয়ে যি কয় কওঁক। মই কেয়াৰ নকৰোঁ।"
"মই যদি কংগ্ৰেছৰ টিকট লৈ জিকিলোঁ, ৰিপুণ বৰা (Ripun Borah)ই কিয় জিকিব নোৱাৰিলে "বুলি প্ৰশ্ন ৰূপজ্যোতিৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|