শিক্ষামন্ত্ৰী পুনৰ লাগে ডেৰ মাহৰ সময়! এতিয়া অসন্তুষ্ট ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সমাজ

News18 Assam | News18-Assam
Updated:August 2, 2020, 11:13 PM IST
শিক্ষামন্ত্ৰী পুনৰ লাগে ডেৰ মাহৰ সময়! এতিয়া অসন্তুষ্ট ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সমাজ
চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই অহৰহ চেষ্টা চলাই আহিছে।

চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই অহৰহ চেষ্টা চলাই আহিছে।

  • Share this:
চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই অহৰহ চেষ্টা চলাই আহিছে।চলিত মাহৰ ১০ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত  চৰকাৰৰ মতামত স্পষ্ট কৰিবৰ বাবে সন্থাই দাবী জনাইছিল। কিন্তু যোৱা সংবাদ মেলত শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই পুনৰ ডেৰমাহ সময় লোৱা বুলি মন্তব্য কৰাত একেবাৰেই সন্তুষ্ট আৰু আশ্বস্ত হোৱা নাই বুলি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থা।

অহা পোন্ধৰ আগষ্ট তাৰিখে ৰাজ্যৰ বেতন বঞ্চিত সকলো শিক্ষকৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গইও  চাকৰি নিয়মীয়াকৰণ হোৱাৰ এটা বহুদিনীয়া আশা পুহি ৰাখিছিল যদিও যোৱাকালি বিত্তমন্ত্রীৰ সংবাদ মেলৰ পাছত  সকলোৰে সেই আশা পুনৰ ধূলিস্যাৎ হৈ গ'ল বুলি  ক্ষোভ উজাৰিছে শিক্ষক সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা শ্ৰী হেমকান্ত সন্দিকৈয়ে ।

উল্লেখ্য এই সকল শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত বহুদিন ধৰি গণতান্ত্রিক প্ৰক্ৰিয়াৰে বহু আন্দোলনৰ কার্যসূচীও গ্ৰহণ কৰি আহিছিল। ২০১৮ চনৰ ১৫ আগষ্টৰ পূৰ্বে  সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলী ভূঞা দত্তৰ নেতৃত্বত লখিমপুৰ  আৰু শিৱসাগৰ জিলাত আমৰণ অনশনৰ দৰে চৰম কাৰ্যসূচী গ্ৰহণ কৰিছিল বেতন বঞ্চিত শিক্ষক সমাজে।

উক্ত সময়ত লখিমপুৰ জিলাত বৰ্তমানৰ শাসকীয় দলৰ মন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু শিৱসাগৰ জিলাত মন্ত্রী শ্ৰী কেশৱ মহন্তই শিক্ষক সকলক সাক্ষাৎ কৰি দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰাৰ আশ্বাস প্রদান কৰিছিল। কিন্তু দুটা মাহ বাদেই যোৱা ২০১৯ চনৰ পোন্ধৰ আগষ্টতো চাকৰি নিয়মীয়াকৰণ নহ’ল আৰু এই বৰ্ষৰ পোন্ধৰ আগষ্টৰ ভিতৰতো নোহোৱাটো খাটাং।

চলিত বর্ষৰ কিছুদিন পূর্বে  বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই নাজিৰা ভ্রমণৰ সময়ত মাত্র দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস প্রদান কৰিছিল, তাৰ পাছত চলিত বর্ষৰ জুন মাহত শিৱসাগৰ আৱৰ্ত ভৱনতো পুনৰ দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস দি শণিবাৰে সংবাদমেলত পুনৰ ডেৰমাহ সময় লোৱাৰ  কথাটো অতি হাস্যকৰ আৰু ব্যংগত্মক বুলি  অভিহিত কৰিছে সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁয়ে।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 11:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading