বেলতলাৰ চাঞ্চল্যকৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত থকাৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া দম্পতীটোৰ ঘৰত উপস্থিত হয়। পৰিয়ালৰ সদস্যৰে মত বিনিময়ৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো দিশ পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত কয় যে দোষীক চিনাক্ত কৰা হৈছে।
এই সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত সমগ্ৰ বিষয়ক লৈ আৰক্ষী আয়ুক্তই প্ৰকাশ কৰিব। এতিয়া বিষয়টোক লৈ ফৰেন্সিক আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অপেক্ষাত থকা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে মহানগৰীত সংঘটিত কোনো অপৰাধৰ পৰা অপৰাধী সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰি মহানগৰীত বৃদ্ধ আৱাসীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থাৰ চিন্তাৰ কথা কয়।
আনহাতে, CCTVয়েই শেষ নহয় যদিও মহানগৰীত CCTVৰ সু–ব্যৱস্থা কৰাৰ কথাও প্ৰসংগত উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দেহ ব্যক্ত কৰা মতে, এনে ঘটনাৰ আঁৰত এজন–দুজন নহয় কেইবাজনো লোক জড়িত থাকিব পাৰে।
Visited the residence of deceased elderly couple - late Nani Gopal Baruah & late Mina Baruah - at Chandan Nagar, Beltola, Guwahati.
Expressed my anguish over the incident & conveyed my condolences to the couple’s daughter.
Police have made significant progress in the probe. pic.twitter.com/UncvhIxcXx
— Himanta Biswa Sarma (@himantabiswa) October 27, 2021
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|