'মই বুধবাৰে ৰিতুল শইকীয়াৰ ঘৰলৈ গৈছিলো। পিতৃ-মাতৃৰ চকুত পুত্ৰক হেৰুওৱাৰ ভয় দেখিছো। ৰিতুল শইকীয়াৰ কণমানি সন্তানটিক পিতৃৰ মৰমৰ পৰা বঞ্চিত নকৰিব। মুখ্যমন্ত্ৰী হিচাপে নহয়, এজন অসমীয়া হিচাপে পৰেশ বৰুৱাক অনুৰোধ জনাইছো। ৰিতুল শইকীয়াক মুকলি কৰি দিয়ক।'- বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় য়ে, 'মই অতি বিনয়েৰে পৰেশ বৰুৱাক অনুৰোধ জনাইছো ৰিতুলক মুকলি কৰি দিয়ক ৷ OIL, ONGCক দিয়া চৰ্ত মনাৰ ক্ষেত্ৰত কৰিবলৈ আছে৷ তৈলক্ষেত্ৰ কোম্পানী তিনিটাৰ পৰা অসমে বছৰি ১৪ হাজাৰ কোটি টকা লাভ কৰো ৷ VAT, GST হিচাপত এই টকা পাও। OIL-ONGCৰ লগত কথা পাতি লাভ নাই৷ এয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কথা পাতি অসমৰ বাবে বেছি কাম আদায় কৰাম৷ এই দায়িত্ব মোৰ ওপৰত এৰি দিয়ক।'
'ইফালে OIL, ONGCৰ পৰা আমি যদি বেছি পাবলগীয়া আছে তেন্তে ৰিতুল শইকীয়াৰ অপহৰণৰ দ্বাৰা নহয় ৷ ৰাজ্য চৰকাৰৰ জৰিয়তে কৰিব লাগিব ৷ আমি প্ৰধানমন্ত্ৰীক হেঁচা দিম ৷ আমাক হেঁচা দিব নালাগে, ইয়াৰ বাবে নিজৰ দায়িত্ব হিচাপে কাম কৰিম।'-এনেদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে আলফা স্বাধীনে আগন্তুক তিনিমাহৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় য়ে, '৩ মাহৰ বাবে পৰেশ বৰুৱাই যুদ্ধবিৰতি কৰিছে৷ ৰিতুল শইকীয়াক মুকলি কৰি দিয়ক ৷ OIL, ONGCয়ে অসমৰ বাবে কাম কৰিবই লাগিব ৷ এয়া আমাৰ দায়িত্ব৷ মোৰ লগত সেনা আৰক্ষী আছে বুলি দম্ভালি মৰা নাই৷ মই পৰেশ বৰুৱাক অনুৰোধ কৰিছো৷'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 20, 2021, 17:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।