চৰকাৰী টকাৰে ধৰ্মীয় শিক্ষা নচলিবঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত বহুচৰ্চিত বিধেয়ক উত্থাপনৰ পিছতে কংগ্ৰেছ বিধায়কৰ আপত্তি, AIUDFৰ সদন ত্যাগ, চাওক VIDEO

উল্লেখযোগ্য যে দ্য আছাম ৰিপিলিং বিল সদনত উত্থাপন কৰাৰ পিছত সদন ত্যাগ কৰে AIUDFৰ বিধায়কসকলে ৷
উল্লেখযোগ্য যে দ্য আছাম ৰিপিলিং বিল সদনত উত্থাপন কৰাৰ পিছত সদন ত্যাগ কৰে AIUDFৰ বিধায়কসকলে ৷
- News18 Assam
- Last Updated: December 28, 2020, 3:40 PM IST
সোমবাৰে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাৰ মজিয়াত উত্থাপন কৰিলে দ্য আছাম ৰিপিলিং বিল ২০২০ ৷ বিলখনৰ বিৰুদ্ধে কংগ্ৰেছ আৰু AIUDFৰ বিৰুদ্ধে নিজ নিজ বক্তব্য দাঙি ধৰে ৷ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই নিজ ভাষণত কয়- “আৰৱী ভাষা জনাৰ বাবে আৰৱত বহু অসমৰ যুৱক-যুৱতীয়ে চাকৰি কৰি আছে ৷ মাদ্ৰাছা বন্ধ হ'লে আৰৱী ভাষা শিকাৰ পৰা বঞ্চিত হ'ব ৰাইজ ৷ সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰিব ৰিপিলিং বিধেয়কৰ জৰিয়তে ৷”
কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই ক'লে- “সংবিধান অৱমাননা কৰিছে ৷ বৈষম্যমূতক এই বিধেয়ক ৷ নিৰ্বাচনৰ আগতে এই বিধেয়ক আনিছে ধৰ্মীয় মেৰুকৰণৰ বাবে ৷”
এসময়ৰ সৰ্তীথ ৰকিবুল হুছেইনেও কটাক্ষ কৰিলে মন্ত্ৰী হিমন্তক ৷ ৰকিবুলৰ প্ৰশ্ন- “হাইলাকান্দিৰ মাদ্ৰাছাত কি ভাষণ দিছিল তেতিয়া তৰুণ গগৈৰ মন্ত্ৰী হৈ থাকোতে হিমন্ত বিশ্ব শৰ্মাই? এতিয়া মাদ্ৰাছা বেয়া হ'ল ৷ দিন সলনি হ'ল যেতিয়া বৰণো সলনি হ'ল ৷”
সকলো শুনিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এইবাৰ উত্তৰ দিয়াৰ পাল ৷ মন্ত্ৰী হিমন্তই বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ বিধায়কৰ অভিযোগৰ উত্তৰ দিলে সদনত ৷ হিমন্তই ক'লে- “ৰকিবুল হুছেইনক ধন্যবাদ ৷ সভাইসমিতিয়ে দিয়া ভাষণ তেওঁ মনত ৰাখি আহি আজি সদনত কোৱাৰ বাবে ৷ মোৰ বাবে আজি গৌৰৱৰ দিন ৷ মানুহ মৰাৰ পিছত হে মানুহৰ উদিত্তি দি কথা কয় ৷ আজি মোৰ জীৱিত কালতে ৰকিবুলে দিয়াত মই ধন্য ৷”
মাদ্ৰাছাত কোৰানৰ শিক্ষা চৰকাৰী খৰছত দিয়াৰ বাবে হিন্দু-খ্ৰীষ্টানৰ বিধায়কসকলে বিগত ৭০ বছৰে আপত্তি কৰা নাছিল ৷ দাবী কৰা নাছিল কোৰানৰ দৰে গীতা আৰু বাইবেলৰ শিক্ষা চৰকাৰী খৰছত দিব লাগে বুলি ৷ সেয়ে মন্ত্ৰী হিমন্তই মাদ্ৰাছাত পঢ়ি অহা বিধায়ক সকলে অন্য বিধায়কসকলক ধন্যবাদ জনাব লাগে বুলি মন্তব্য কৰে ৷
উল্লেখযোগ্য যে দ্য আছাম ৰিপিলিং বিল সদনত উত্থাপন কৰাৰ পিছত সদন ত্যাগ কৰে AIUDFৰ বিধায়কসকলে ৷