• Home
  • »
  • News
  • »
  • assam
  • »
  • 'হিমন্তৰ জন্মকুণ্ডলীৰ ৰাজযোগ আছিল, ৯ বছৰ বয়সতে ৰাইজৰ কামত উলিয়াই দিছিলো'- পুত্ৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে মাতৃৰ প্ৰতিক্ৰিয়া

'হিমন্তৰ জন্মকুণ্ডলীৰ ৰাজযোগ আছিল, ৯ বছৰ বয়সতে ৰাইজৰ কামত উলিয়াই দিছিলো'- পুত্ৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে মাতৃৰ প্ৰতিক্ৰিয়া

মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ভাবে দায়িত্বভাৰ গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। 

মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ভাবে দায়িত্বভাৰ গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। 

মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ভাবে দায়িত্বভাৰ গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। 

  • Share this:
আজি ৰাজ্যৰ ১৫সংখ্যক মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আজি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে তেখেতৰ মাতৃ মৃণালিনী দেৱী, পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰই।

পুত্ৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে মাতৃ মৃণালিনী দেৱীয়ে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া। মাতৃগৰাকীয়ে কয় যে, 'হিমন্তৰ জন্মকুণ্ডলীত ৰাজযোগ আছিল। মুখ্যমন্ত্ৰী হ'ব বুলি মনে মনে ভাবিছিলো। ভগৱানক ভাবিলে কিবা এটা ভাল হয়েই। তাৰ ফল পাইছো, ভুলটো সদায় মাক হিচাপে আঙুলীয়াই দিম। মই ৯ বছৰ বয়সতে ৰাইজৰ কামত উলিয়াই দিছিলো।'

ইফালে শপতগ্ৰহণৰ পিছতে নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব বুলি সংবাদমেলত জনাই ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে। মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ভাবে দায়িত্বভাৰ গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published: