உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন "গৰু বজাৰ" বনাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঃ গৌৰৱ গগৈ

    অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন "গৰু বজাৰ" বনাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঃ গৌৰৱ গগৈ

    উপ-নিৰ্বাচনৰ প্ৰচাৰত ৰাইজকো আভুৱা ভৰিছে মুখ্যমন্ত্ৰীয়েঃ হিমন্ত বিশ্ব শৰ্মা

    উপ-নিৰ্বাচনৰ প্ৰচাৰত ৰাইজকো আভুৱা ভৰিছে মুখ্যমন্ত্ৰীয়েঃ হিমন্ত বিশ্ব শৰ্মা

    উপ-নিৰ্বাচনৰ প্ৰচাৰত ৰাইজকো আভুৱা ভৰিছে মুখ্যমন্ত্ৰীয়েঃ হিমন্ত বিশ্ব শৰ্মা

    • Share this:
    'মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰিছে। ভাৰতীয় নিৰ্বাচনী আয়োগকো প্ৰতাৰণা কৰিছে। উপ-নিৰ্বাচনৰ প্ৰচাৰত ৰাইজকো আভুৱা ভৰিছে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীৰ তেনে কামৰ বাবে তেওঁ ভাৰতীয় নিৰ্বাচনী আযোগক নহয় অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব।'-বুধবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কলিয়াবৰ সমষ্টিৰ সাংসদ তথা লোকসভাৰ কংগ্ৰেছৰ উপ দলপতি গৌৰৱ গগৈয়ে।

    এইকেইদিন মুখ্যমন্ত্ৰীয়ে অকস্মাৎ গৰুৰ প্ৰেমত পৰিছে বুলি কোৱা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক অভিযোগ কৰি কয় যে, 'তেওঁ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন "গৰু বজাৰ" বনাই দিছে। গৰু কিনা বেছাৰ দৰে বিধায়কক কিনিছে। বিশ বছৰে মন্ত্ৰীত্বৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ ৰাজনৈতিক নেতা বুলি কয় গৌৰৱ গগৈয়ে।

    'শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কি পৰিবৰ্তন আনিছে" প্ৰশ্ন গৌৰৱ গগৈৰ।ইফালে গুৱাহাটীত ক্ৰাইম বহুত বেছি বাঢ়িছে, ইয়াৰ বাবে চৰকাৰখনকে জগৰীয়া কৰিছে সাংসদগৰাকীয়ে। অসমখনৰ অশান্ত পৰিস্থিতি চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি সংবাদমেলত অভিযোগ কৰে গৌৰৱ গগৈয়ে। অসমত শেহতীয়াকৈ সীমা সমস্যা, চুৰি, ডকাইতি, ড্ৰাগছ, একাউণ্টাৰ, দুৰ্ঘটনা,মহিলা নিৰ্য্যাতন বাঢ়িছে। ব্যক্তিগত সম্পত্তি কথা বাদ দি ৰাইজৰ কথা চিন্তা কৰক বুলি কয় গৌৰৱ গগৈয়ে।
    Published by:Himangshu Bhuyan
    First published: