অসম বিধানসভাত বহু কেইজন ডাঙৰ, সৰু আজমল আছেঃ হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:March 11, 2020, 1:33 PM IST
অসম বিধানসভাত বহু কেইজন ডাঙৰ, সৰু আজমল আছেঃ হিমন্ত বিশ্ব শৰ্মা
Source-Google

ৰাজ্যসভাৰ টিকট লাভ কৰিবলৈকে কৰিছিল নেকি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন, প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
কংগ্ৰেছ, AIUDFৰ মিত্ৰতাক টাৰ্গেট কৰি তীৰ্যক মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যসভাৰ এখন আসনত কংগ্ৰেছ আৰু AIUDFয়ে উমৈহতীয়া কৈ প্ৰাথী প্ৰক্ষেপ কৰাৰ প্ৰসংগত কটাক্ষ হিমন্ত বিশ্বৰ। ৰাজ্যত চলা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰসংগ টানি আনি হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘কা বিৰোধী আন্দোলন প্ৰকৃততে এয়াই আছিল নেকি? নে ৰাজ্যসভাৰ টিকট পাবলৈ এই আন্দোলন? ৰাইজৰ বুজাত প্ৰায় স্পষ্ট হৈছে।

হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘ অসমত আজমলক মুখ্যমন্ত্ৰী কৰোৱাৰ চেষ্টা একাংশৰ।
এতিয়া বহু সৰু আজমল ডাঙৰ আজমল আছে বিধানসভাত।’

বিজেপিয়ে ৰাজ্যসভা নিৰ্বাচনত কাম প্ৰাৰ্থীত্ব দিব সেই সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে,  ‘অলপ সময়ৰ পিছতে ৰাজ্যসভাৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ’ব। ঘোষণা হলেই কাইলৈ মনোনয়ন দাখিল কৰা হব। বিৰোধীয়ে তৃতীয়খন আসনত কাক প্ৰাৰ্থিত্ব দিয়ে তালৈ লক্ষ্য ৰাখিম। বিৰোধীয়ে বিৰ্তকিত ব্যক্তিক প্ৰাৰ্থিত্ব দিলে তৃতীয়খন আসনৰ বাবেও চিন্তা কৰিম।’
Published by: Himangshu Bhuyan
First published: March 11, 2020, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি