உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: নতুন চাকৰিৰ বিজ্ঞাপন নহয়! এইবাৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    Himanta Biswa Sarma: নতুন চাকৰিৰ বিজ্ঞাপন নহয়! এইবাৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

     শুকুৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত নগৰ উন্নয়ণ বিভাগে আয়োজন কৰা এক অনুষ্ঠানত বহুকেইটা 'E সেৱা' মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

     শুকুৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত নগৰ উন্নয়ণ বিভাগে আয়োজন কৰা এক অনুষ্ঠানত বহুকেইটা 'E সেৱা' মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

     শুকুৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত নগৰ উন্নয়ণ বিভাগে আয়োজন কৰা এক অনুষ্ঠানত বহুকেইটা 'E সেৱা' মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

    • Share this:
    শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) চাকৰি প্ৰাৰ্থীৰ বাবে দিলে বিশেষ ভালখবৰ। প্ৰাৰ্থীসকলে এতিয়াৰ পৰা চাকৰি লাভৰ বাবে দিব নালাগে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট।  চাকৰি লাভ কৰাজনে স্ব-ঘোষিত পত্ৰ এখন দিলেই হ'ব ৷ শুকুৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত নগৰ উন্নয়ণ বিভাগে আয়োজন কৰা এক অনুষ্ঠানত বহুকেইটা 'E সেৱা' মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) এনেদৰে কয়।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে,  "গুৱাহাটী মহানগৰী বাসীলৈ কেইবাখনো চুপাৰ শ্বাকাৰ মুকলি কৰা হৈছে। নলাৰ পৰা আৱৰ্জনা উঠাই লৈ আমি গন্তব্য স্থানত পেলাব পাৰিম। বহু অভিযোগ থাকে। নলা চাফা কৰি আৱৰ্জনাবোৰ কাষত বহুদিন থৈ দিয়া থাকে। কিন্তু এতিয়া চুপাৰ শ্বাকাৰৰ জৰিয়তে এইবোৰ সমস্যা সমাধান হ'ব। মোৰ চৰকাৰ শাসনলৈ অহাৰ পাছতে মোৰ লক্ষ্য আছিল এটা সহজ সৰল জীৱন যাপন কৰা। চৰকাৰখনক এটা টেকনলজিলৈ ৰূপান্তৰ কৰি আমি তাক পৰিচালিত কৰিলেই হ'ল। "

    ইয়াৰ উপৰিও সাধাৰণ লোকৰ কামৰ বুজা কমাবলৈ বা অনলাইনৰ জৰিয়তে যাতে বেছিভাগ কৰিব পৰা যায়, তাৰ ওপৰত মন্ত্ৰী শৰ্মাই কয় যে,  'Technologyৰ যেনেদৰে কোনো ভাগৰ নাই,টোপনি নাই, চৰকাৰৰো কোনো ভাগৰ টোপনি থাকিব নালাগিব। চৰকাৰখনক যদি আমি কাৰিকৰী, প্ৰযুক্তিগত ভাবে উন্নত কৰিব পাৰো, সৰ্বসাধাৰণৰ জীৱন যাপন সহজ হৈ পৰিব।অসমৰ মানুহে অফিচলৈ অহাৰ ভয়ত কাম পিছুৱাই থয়। অনলাইন ব্যৱস্থাই তেওঁলোকৰ সমস্যা সমাধান কৰিছে। অৰ্থাৎ যিমানেই Technology উন্নত হ'ব,সৰ্বসাধাৰণৰ জীৱন ধাৰণ প্ৰণালী সহজ হ'ব।যেতিয়াই মানুহে ভাল কৰিব,সিমানেই আমাৰ শত্ৰু বাঢ়িব। জনতা ভৱনলৈ মানুহ কমকৈ অহাতো বিচাৰো মই ৷ বসুন্ধৰা আদি কৰাৰ বাবে এতিয়া কমি আহিছে মানুহৰ আগমন ৷ জনতা ভৱন আমাক এৰি দিয়ক, আমাক কাম কৰিবলৈ দিয়ক ৷ জনতা ভৱনত থকা ১লাখ ৭০হাজাৰ ফাইল নিষ্পত্তি কৰিব বিচাৰো ৷আমি আৰু এটা কাম কৰিব বিচাৰিছো, গুৱাহাটী মহানগৰীত ফ্লেট কিনা বেচাত নালাগে উপায়ুক্তৰ কোনো অনুমতি ৷ '

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: