உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'কোৰোণা বিয়পাবলৈ সদনলৈ আহিছিল নেকি অখিল গগৈ? মানসিক চিকিৎসা চলি আছে অখিল গগৈৰ'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ চৰ্চা

    'কোৰোণা বিয়পাবলৈ সদনলৈ আহিছিল নেকি অখিল গগৈ? মানসিক চিকিৎসা চলি আছে অখিল গগৈৰ'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ চৰ্চা

    ৰোগী এজনক চিটিবাছত নানি ক'ত আনিমঃ হিমন্ত বিশ্ব শৰ্মা

    ৰোগী এজনক চিটিবাছত নানি ক'ত আনিমঃ হিমন্ত বিশ্ব শৰ্মা

    ৰোগী এজনক চিটিবাছত নানি ক'ত আনিমঃ হিমন্ত বিশ্ব শৰ্মা

    • Share this:
    পঞ্চদশ অসম বিধানসভাৰ প্ৰথম খন অধিবেশনৰ আজি অন্তিম দিন। অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখে। ভাষণ প্ৰসংগত অখিল গগৈৰ বিৰুদ্ধে সৰৱ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'কোভিড প্ৰট'কল মানি, বিধায়ক অখিল গগৈক আহল-বহলকৈ বাছত বহুৱাই অনা হৈছিল। ৰোগী এজনক চিটিবাছত নানি ক'ত আনিম।
    অসুস্থ মানুহ এজনক কেনেকৈ সদনত বহুৱাব? বিগত চাৰি মাহে চিকিৎসাধীন হৈ আছে অখিল গগৈ। তেখেত মানিসভাৱে অসুস্থ বাবে চিকিৎসা চলি আছে।'

    অখিল গগৈৰ মানসিক চিকিৎসা চলি আছে:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব

    ইফালে দীৰ্ঘদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ থকা অখিল গগৈৰ বৰ্তমান মানসিক চিকিৎসা চলি আছে বুলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অখিল গগৈৰ মানসিক চিকিৎসা চলি আছে। সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বেমাৰ। জিএমচিএইছক সোধোতে মোক কৈছে, তেওঁৰ এইটোৱেই বেমাৰ। এজনৰ পিছত আন এজনৰ বিধায়কৰ কাষলৈ যাওঁতে মোৰ সন্দেহ হৈছিল, তেওঁ ক'ভিড বিলাবলৈয়ে আহিছিল নেকি?  অসুস্থ লোক এজন এনেদৰে ঘুৰি ফুৰিলে মানুহৰ সন্দেহ হ'ব।'
    Published by:Himangshu Bhuyan
    First published: