‘বিজেপি নেতাৰ প্লাজমা লোৱাৰ ফলত জীৱন ৰক্ষা পৰিল জ্যেষ্ঠ বিৰোধী ৰাজনীতিকৰ’-পৰোক্ষ ভাবে কোন ৰাজনীতিকৰ কথা ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:September 18, 2020, 6:37 PM IST
‘বিজেপি নেতাৰ প্লাজমা লোৱাৰ ফলত জীৱন ৰক্ষা পৰিল জ্যেষ্ঠ বিৰোধী ৰাজনীতিকৰ’-পৰোক্ষ ভাবে কোন ৰাজনীতিকৰ কথা ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈয়ে এজন জ্যেষ্ঠ ৰাজনীতিবিদক কিদৰে কোৰোণাৰ পৰা মুক্ত কৰিব পৰা গ’ল সেই কথা ক’লে সংবাদমাধ্যমৰ আগত

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈয়ে এজন জ্যেষ্ঠ ৰাজনীতিবিদক কিদৰে কোৰোণাৰ পৰা মুক্ত কৰিব পৰা গ’ল সেই কথা ক’লে সংবাদমাধ্যমৰ আগত

  • News18 Assam
  • Last Updated: September 18, 2020, 6:37 PM IST
  • Share this:
কোৰোণাত আক্ৰান্ত হৈ এগৰাকী বৰ্ষীয়ান ৰাজনীতিকৰ স্বাস্থ্য ব্যাপক ভাবে অৱনতি ঘটিছিল। সেইসময়ত ৰাজনীতিকজনক প্ৰয়োজন হৈছিল প্লাজমাৰ ৷ সময় তেতিয়া নিশা প্ৰায় ১:৩০ বাজিছিল ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সেই সময়ত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ উদ্দেশ্যে, যিকোনো প্ৰকাৰে নিশা কোভিড আক্ৰান্ত ৰাজনীতিকগৰাকীক প্ৰদান কৰিব লাগে প্লাজমা।

ৰাজনীতিবিদগৰাকী আছিল মন্ত্ৰী হিমন্ত বিশ্বৰ পুৰণি ৰাজনৈতিক দলৰ সতীৰ্থ। অৱশেষত নিশাই সংকটজনক অৱস্থাত থকা ৰাজনীতিকজনক প্ৰদান কৰিলে প্লাজমা। প্লাজমা প্ৰদানৰ কৰাৰ দ্বিতীয় দিনা মন্ত্ৰী হিমন্তই জানিব বিচাৰিছিল যে, ৰাজনীতিকগৰাকীক প্ৰদান কৰা প্লাজমা প্ৰকৃততে কাৰ আছিল?

পিছত জানিব পাৰিলে যে, ৰাজনীতিকজনক দিয়া প্লাজমা আছিল বিজেপিৰ এগৰাকী কাৰ্যকৰ্তাৰ। যিগৰাকী ৰাজনীতিকে সততে বিজেপিৰ কাম কাজক সমালোচনা কৰে তেনে এগৰাকী দলৰ কাৰ্যকৰ্তাৰ প্লাজমাৰে জীৱন ৰক্ষা কৰিব পাৰিলে ৰাজনীতিগৰাকীৰ ৷

এনেদৰেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈয়ে এজন জ্যেষ্ঠ ৰাজনীতিবিদক কিদৰে কোৰোণাৰ পৰা মুক্ত কৰিব পৰা গ’ল সেই কথা ক’লে সংবাদমাধ্যমৰ আগত। অৱশ্যে কোন এইগৰাকী ৰাজনীতিবিদ? সেয়া কিন্তু স্পষ্ট নকৰিলে মন্ত্ৰীগৰাকীয়ে। নিজৰ লগতে দলৰ মহানতা প্ৰদৰ্শন কৰিবলৈ গৈ অতি কৌশলেৰে নাম প্ৰকাশৰ পৰা বিৰত থাকিল মন্ত্ৰীগৰাকী ৷ কিন্তু নাম প্ৰকাশ নকৰিলেও, সেইজন ৰাজনীতিবিদ যে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  তৰুণ গগৈ আছিল সেয়া স্পষ্ট !
Published by: Himangshu Bhuyan
First published: September 18, 2020, 6:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading