himantaবুধবাৰে অসম বিধানসভাত আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অসমৰ সংবাদ মাধ্যমৰ প্ৰসংগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'অসমৰ মিডিয়াই মোক বহু অত্যাচাৰ কৰিলে ৷ মোক হত্যাকাৰীও সজালে ৷ বেলেগ মানুহ হোৱা হ'লে ছুইছাইডেই কৰিলে হয়। মই সাহসেৰে আছো ৷ অসমৰ মিডিয়াই কোভিডৰ সময়ত বিজ্ঞাপন পোৱা নাই ৷ সেয়েহে মই পীয়ুষক কৈছে মিডিয়াক বিজ্ঞাপন দিবলৈ ৷ বেলেগকৈতো আমি সহায় কৰিব নোৱাৰো ৷ মিডিয়াক সহায় কৰাৰ বাবে আপোনালোকে বেয়া পাব নালাগে ৷'
আজি অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীকো বহুকেইটা বিষয়ত দিয়ে উচিত প্ৰত্যুত্তৰ। অসম চৰকাৰ ঋণত চলি আছে বুলি সততে অভিযোগ কৰা বিধায়ক অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয় যে,'সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব ৷ দুখীয়া হৈ থাকিব ৷ ৭০ বছৰত তিনিখন মেডিকেল কলেজৰ পৰা বঢ়াব পৰা নাছিল ৷ কেৰালা অনুকৰণীয় ৰাজ্য ৷ আমি কেৰালাক অনুকৰণ কৰো ৷ অহা বছৰ ১৮ হাজাৰ কোটি টকা ৷ তাৰ পিছৰ বছৰত ২২ হাজাৰ কোটি টকা লম ৷ অসমৰ GDP বৃদ্ধি পাইছে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে ঋণ লৈ যাম। আৰু পিছৰ মুখ্যমন্ত্ৰীসকলকো ঋণ ল'বলৈ কম।'
Read all
News in Assamese ,
Assam News Today ,
Entertainment News in Assamese ,
Business News in Assamese ,
Sports News in Assamese ,
Health News in Assamese ,
India News in Assamese Published by: Himangshu Bhuyan
First published: December 22, 2021, 14:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|