মিত্ৰজোঁটৰ ৰাজ্যপালক সাক্ষাৎ, কাইলৈ শপতগ্ৰহণ

News18 Assam | News18-Assam
Updated:May 9, 2021, 8:07 PM IST
মিত্ৰজোঁটৰ ৰাজ্যপালক সাক্ষাৎ, কাইলৈ শপতগ্ৰহণ
কাইলৈ শংকৰদেব কলাক্ষেত্ৰত ১৫সংখ্যক মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ৱ শৰ্মাৰ শপতগ্ৰহণ

কাইলৈ শংকৰদেব কলাক্ষেত্ৰত ১৫সংখ্যক মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ৱ শৰ্মাৰ শপতগ্ৰহণ

  • Share this:

আজি বিধায়িনী দলৰ স‍ভাত বিধায়িনী দলপতি নিৰ্বাচিত কৰাৰ পিছত সন্ধিয়া ৰাজভৱনত ৰাজ্যপালৰ ওচৰলৈ যায় মিত্ৰজোঁটৰ কেইবাগৰাকীও নেতা। মিত্ৰজোঁটৰ লগতে এনডিএৰ নেতাও উপস্থিত হয় ৰাজভৱনত। নতুন চৰকাৰে শপত লোৱাৰ পূৰ্বে ৰাজ্যপালক দেখা কৰে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসৰ লগতে মিত্ৰজোঁটৰ অতুল বৰা, কেশৱ মহন্ত, প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও নেতাই।


বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে জানিবলৈ দিয়া মতে, কাইলৈ দুপৰীয়া ১২ বজাত পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান। এই শপতগ্ৰহণ অনুষ্ঠাতে অসমক ১৫ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব পূৰ্বৰ বিত্ত–স্বাস্থ্য–শিক্ষা–গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Published by: Gautam Barman
First published: May 9, 2021, 8:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি