গণ সুৰক্ষা পাৰ্টী (GSP)ৰ সৈতে ৰাজ্যিক ভিত্তিত শাসকীয় BJPৰ মিত্ৰতা হোৱা নাছিল ৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ GSPৰ সৈতে BTCৰ পৰিষদীয় নিৰ্বাচনৰ বাবেহে মিত্ৰতা হৈছিল৷ এই কথা দেওবাৰে সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ দল UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ দেওবাৰে প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ এই প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ প্ৰশৰ উত্তৰত কয়- “GSPৰে ৰাজ্যিক পৰ্যায়ত আমাৰ সৈতে মিত্ৰতা হোৱা নাছিল ৷ যি হৈছিল কোকৰাঝাৰত চৰকাৰ গঠনৰ ক্ষেত্ৰতহে মিত্ৰতা হৈছিল ৷”
তামুলপুৰ সমষ্টিত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ লগতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়- “পাঁচটা সমষ্টিতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিয়া হৈছে ৷ পাঁচোটা সমষ্টিয়ে আমি দখল কৰিম ৷ এই উপ–নিৰ্বাচনত বিৰোধী শূন্য হ'ব ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|