মুখ্যপৃষ্ঠা »খবৰ »অসম »‘NRCক আপত্তি কৰা নাই খাটি অসমীয়াই, আপত্তি কৰা মানুহ ৰকিবুল আৰু আজমল’

‘NRCক আপত্তি কৰা নাই খাটি অসমীয়াই, আপত্তি কৰা মানুহ ৰকিবুল আৰু আজমল’

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আকৌ এবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আকৌ এবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ দেশৰ লগতে অসমতো আকৌ NRC প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পিছতে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। লগতে NRC ৰ ভিত্তিবৰ্ষকলও সৃষ্টি হৈছে বিতৰ্কৰ। তাৰ মাজতে মন্ত্ৰী হিমন্তই NRC ৰ সন্দৰ্ভত আকৌ এবাৰ বিতৰ্কিত মন্তব্য কৰে। মন্ত্ৰীজনে প্ৰশ্ন কৰে যে, ‘যিবোৰ মানুহে নতুন NRC হোৱাটো নিবিচাৰে, সেইবোৰ কোন মানুহ? খাটি অসমীয়া মানুহে আন্দোলন কৰা নাই ৷ নতুন NRCক লৈ আপত্তি কৰা মানুহ ৰকিবুল, আজমল ৷’

মন্ত্ৰী হিমন্তই CAB ৰ সন্দৰ্ভতো কৰিছে বিশেষ মন্তব্য। ৰাজ্যত অব্যাহত থকা ধাৰাবাহিক CAB বিৰোধী প্ৰতিবাদক চূড়ান্ত ভাবে ভেঙুচালি কৰি মন্ত্ৰী শৰ্মাই চলিত লোকসভাতে CAB গৃহীত হ’ব বুলি মন্তব্য কৰে। CABসন্দৰ্ভত  ২৯ আৰু ৩০ নৱেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰে হ'ব দল-সংগঠনৰ বৈঠক ৷

শেহতীয়া বাতৰি