உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাষ্ট্ৰদোহৰ গোচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী বিধায়ক অখিল গগৈৰ

    ৰাষ্ট্ৰদোহৰ গোচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী বিধায়ক অখিল গগৈৰ

    ২০২৪ত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিবঃ অখিল গগৈ

    ২০২৪ত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিবঃ অখিল গগৈ

    ২০২৪ত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিবঃ অখিল গগৈ

    • Share this:
    'মুখ্যমন্ত্ৰীক শীঘ্ৰেই ৰাষ্টদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰিছে।' ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি ৰাষ্ট্ৰীয় চেনেলত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা অখিল গগৈৰ।

    News18 Indiaৰ চৌপাল অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষ সকলো হিন্দুৰ বাবেই মুকলি বুলি মন্তব্য কৰিছিল। সকলো হিন্দুৰে মাতৃভূমি ভাৰত। লগতে কংগ্ৰেছে ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি প্ৰচাৰ কৰিছিল বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক এতিয়া তীব্ৰ বিৰোধিতা কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

    অখিল গগৈয়ে কয় যে, 'মুখ্যমন্ত্ৰীক শীঘ্ৰেই ৰাষ্টদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰিছে। অসমত এতিয়া একনায়কত্ব বাদ চলিছে। হিতেশ্বৰ শইকীয়া-প্ৰফুল্ল মহন্তৰ দিনৰ গুপ্তহত্যাতকৈ এতিয়া ভয়ানক পৰিস্থিতি হৈছে। ইয়াক আপুনি মুক্তহত্যা বুলি কওক বা আন হত্যা বুলি কওক,কিন্তু অসমৰ পৰিস্থিতি বহুত বেয়াৰ দিশে গৈছে।'

    ইফালে এনকাউণ্টাৰক মুকলি বিৰোধিতা কৰি অখিল গগৈয়ে কয় যে, যদি এনকাউণ্টাৰ সমৰ্থন কৰিছো তেন্তে আমি ভুল কৰা হ'ব। আমি কোনো হত্যাকে সমৰ্থন কৰিব নোৱাৰো। এতিয়া অসমত এজনেই মুখ্যমন্ত্ৰী-মন্ত্ৰী। চৰকাৰ দেউলীয়া, দৰমহা দিবলৈ টকা নোহোৱা হব।'

    ২০২৪ত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিবঃ অখিল গগৈ

    ইফালে বিজেপিক ৰুধিবলৈ আকৌ এবাৰ অখিল গগৈৰ মুখত একত্ৰিত বিৰোধীদলৰ প্ৰসংগ। অখিলে কয় যে, '২৪ত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিব। কংগ্ৰেছে নিজকে বেলেগ বুলি ভাবি থাকিলে নহ'ব। বিৰোধী দল শক্তিশালী হৈ থকা সমষ্টিত যাতে ভোটৰ বিভাজন নহয়,সেয়া চাব লাগিব। আমি এতিয়াৰ পৰা সাজু হ'ব লাগিব।TMC ৰ লগত আলোচনা হৈছে বহুবাৰ,কিন্তু ৰাইজৰ দল আঞ্চলিক দল হৈয়ে থাকিব।'
    Published by:Himangshu Bhuyan
    First published: