হিমন্ত অবিহনে ৰাজ্যত কিয় বন্ধ হৈ পৰে নিযুক্তি, উন্নয়নমূলক কাম? মুখ্যমন্ত্ৰীৰ সন্মুখত মন্ত্ৰী হিমন্তই কৰা প্ৰশ্নক লৈ এতিয়া চৰ্চা

News18 Assam | News18-Assam
Updated:August 28, 2020, 5:46 PM IST
হিমন্ত অবিহনে ৰাজ্যত কিয় বন্ধ হৈ পৰে নিযুক্তি, উন্নয়নমূলক কাম? মুখ্যমন্ত্ৰীৰ সন্মুখত মন্ত্ৰী হিমন্তই কৰা প্ৰশ্নক লৈ এতিয়া চৰ্চা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবিহনে অচল নেকি ৰাজ্যৰ চৰকাৰী বিভাগ?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবিহনে অচল নেকি ৰাজ্যৰ চৰকাৰী বিভাগ?

  • Share this:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবিহনে অচল নেকি ৰাজ্যৰ চৰকাৰী বিভাগ?  হিমন্ত নাথাকিলে চৰকাৰী বিভাগত নহয় নেকি ধৰণৰ উন্নয়নমূলক কাম? বন্ধ হৈ পৰে নেকি নিযুক্তি প্ৰক্ৰিয়া? এয়া আমাৰ কথা নহয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত শুকুৰবাৰে এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ২০১৫-১৬ৰ পৰা ২০১৮-১৯ বৰ্ষৰ সময়ছোৱাত শিক্ষা বিভাগৰ দায়িত্বত নাছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সেইসময়ত ৰাজ্য চৰকাৰে নিযুক্তি দিব নোৱাৰিলে এজনো শিক্ষক ৷

মন্ত্ৰী হিমন্তৰ প্ৰশ্ন- অনুষ্ঠানৰ পৰিৱৰ্তে ব্যক্তি বিশেষে এতিয়াও কাম কৰে চৰকাৰী বিভাগত?

কেৱল ইমানেই নহয় হিমন্ত নাথাকিলে বিভাগত শিক্ষাৰ্থীক স্কুটীৰ স্থানত চাইকেল, বন্ধ হয় নিযুক্তি প্ৰক্ৰিয়া। এই সকলোবোৰৰ আঁৰত কি? সেয়া তেতিয়াৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ব্যৰ্থতা নে আন কিবা?

শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শিক্ষা বিভাগৰ অধীনৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া পদত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক শিক্ষা মন্ত্ৰী ভৱেশ কলিতাই নিযুক্তি পত্ৰ বিতৰণ কৰে ৰাজ্যখনৰ ৫,৩১৯ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি