ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, কেন্দ্ৰৰ অনুমতি লৈ বলৱত্ কৰা হ’ব নেকি ল’ক ডাউন? মাস্ক নিপিন্ধিলে ১০০০ টকা পৰ্যন্ত জৰিমনা

শুকুৰবাৰে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
শুকুৰবাৰে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- News18 Assam
- Last Updated: September 4, 2020, 1:19 PM IST
যদিও ৰাজ্যত কোৰোণাৰ প্ৰকোপ বাঢ়িছে তথাপিও কোনো ধৰণৰ ল’ক ডাউন বলৱত্ কৰাৰ সম্ভাৱনা নাই ৰাজ্যত। এই সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, ভাৰত চৰকাৰৰ মতে এতিয়া আৰু কোনেও ল’ক ডাউন দিব নোৱাৰিব ৷ ল’ক ডাউন দিব লাগিলে কেন্দ্ৰৰ অনুমতি লব লাগিব।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে মাস্ক নিপিন্ধিলে পাঁচশ টকাৰ জৰিমনা বিহিবলৈ নিৰ্দেশ দিছে ৷ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে ৷ তাক আমি কাৰ্যকৰী কৰিব লাগিব ৷ কাইলৈ আমি আলোচনা কৰিম।’
- প্ৰতিদিনে তিনি হাজাৰকৈ আক্ৰান্ত হৈছে ৷ বৰ কষ্টকৰ হ'ব পৰিৱেশ।
- মাস্ক নিপিন্ধিলে প্ৰথমে পাঁচশ টকা৷ পিছত আকৌ নিপিন্ধিলে এহাজাৰ ভৰিব লাগিব।
- কলেজ শিক্ষকৰ পৰীক্ষা কৰাত কোভিড আক্ৰান্তৰ সংখ্যাৰ হাৰ বাঢ়িছে।
- কোভিডৰ পিছৰ পৰৱৰ্তী সময়তো বৰ জটিল হৈছে ৷
- কভিড পানীলগা জ্বৰ বুলি প্ৰচাৰ চলোৱা সকল সমাজৰ প্ৰতিষ্ঠিত লোক ৷ কালি এজন বিধায়কে কোভিডক জয় বাংলা বুলি কৈছিল ৷ এজন বিধায়কক আৰু কি কম?
- কোভিডত আক্ৰান্তৰ সংখ্যা দিনে তিনিশকৈ বাঢ়িছে ৷ মৃত্যুৰ হাৰ কিন্তু .২৩%, .২৪% হে হৈছে।