‘দল হওক কিন্তু চান্দা তুলি ব্যৱসায়ীক যেন হাৰাশাস্তি নকৰে’- অসম জাতীয় পৰিষদক কটাক্ষ মন্ত্ৰী হিমন্তৰ

News18 Assam | News18-Assam
Updated:September 14, 2020, 4:01 PM IST
‘দল হওক কিন্তু চান্দা তুলি ব্যৱসায়ীক যেন হাৰাশাস্তি নকৰে’- অসম জাতীয় পৰিষদক কটাক্ষ মন্ত্ৰী হিমন্তৰ
লুৰিণ গগৈয়ে হিমন্ত বিশ্বৰ এনে মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,‘তেওঁ অতি মানৱ হ’ব লাগিব নহ’লে ভগৱান হ’ব লাগিব। অথবা ই ভি এম মেনেজ কৰিব পৰা হ’ব লাগিব। ’

লুৰিণ গগৈয়ে হিমন্ত বিশ্বৰ এনে মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,‘তেওঁ অতি মানৱ হ’ব লাগিব নহ’লে ভগৱান হ’ব লাগিব। অথবা ই ভি এম মেনেজ কৰিব পৰা হ’ব লাগিব। ’

  • News18 Assam
  • Last Updated: September 14, 2020, 4:01 PM IST
  • Share this:
অৱশেষত ঘোষণা কৰা হ’ল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰ্ভত অংকুৰিত হোৱা নতুন ৰাজনৈতিক দলৰ নাম। সোমবাৰে সংবাদমেল সম্বোধন কৰি নতুন ৰাজনৈতিক দলটোৰ নাম ‘অসম জাতীয় পৰিষদ’ বুলি ঘোষণা কৰে পৰামৰ্শদাতা সমিতিয়ে। নতুন আঞ্চলিক দলটোত আজিৰে পৰা আৰম্ভ হৈছে সদস্য ভৰ্তি প্ৰক্ৰিয়া।

দলৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰাৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিলে নতুন আঞ্চলিক ৰাজনৈতিক দলটোক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘এইটো স্বাভাৱিক ঘটনা।  নিৰ্বাচনৰ বতৰত নতুন নেতা, নতুন দল হ’বই। দল হওক কিন্তু চান্দা তুলি যেন ব্যৱসায়ীক হাৰাশাস্তী নকৰে। প্ৰতিটো সমষ্টিত ৭০০ৰ পৰা ১৫০০লৈ ভোট পাব নতুন দলটোৱে।’

এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে আছুৰ সাধৰাণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। লুৰিণ গগৈয়ে হিমন্ত বিশ্বৰ এনে মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,‘তেওঁ অতি মানৱ হ’ব লাগিব নহ’লে ভগৱান হ’ব লাগিব। অথবা ই ভি এম মেনেজ কৰিব পৰা হ’ব লাগিব। তেওঁক ই ভি এমৰ সন্দৰ্ভত সকলোৱে জানে। তেওঁ হতাশগ্ৰস্ত।’

লুৰিণ জ্যোতি গগৈয়ে লগতে কয় যে,‘তেওঁৰ কথা কোৱাৰ সীমা নাই। আছুত থাকোতে বেলেগ কৈছিল, কংগ্ৰেছত থাকোতে বেলেগ এটা কৈছে, মছজিদত আজান দিয়া মানুহজনে বিজেপিত গৈ বেলগ এটা কৈছে। কেইদিনমান দিন পিছত দেখিব তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰিব। চান্দা কোনে তুলিছে আমি সকলোৱে জানে। তেওঁতকৈ ডাঙৰ চান্দা মাষ্টৰ কোন হব পাৰে। কেতিয়াবা তেওঁ কয় আৰু নিৰ্বাচন নেলেখে, কেতিয়া কয় দিল্লীলৈ যাব।’
Published by: Himangshu Bhuyan
First published: September 14, 2020, 4:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading