• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : বৰাক সম্পৰ্কত ড° নগেন শইকীয়াৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, কি বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে

CM Himanta Biswa Sarma : বৰাক সম্পৰ্কত ড° নগেন শইকীয়াৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, কি বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে

"আমি কেতিয়াও অখণ্ড ভাৰতবৰ্ষ বা অখণ্ড অসমখনj বিভাজন হোৱাটো নিবিচাৰোঁ। ভাষা লৈ দ্বিমত হোৱাটো আমি নিবিচাৰোঁ। ভাষাই মানুহক একত্ৰিত কৰে। ভাষাই মানুহক ভাগ ভাগ নকৰে"- ড° হিমন্ত বিশ্ব শৰ্মা

"আমি কেতিয়াও অখণ্ড ভাৰতবৰ্ষ বা অখণ্ড অসমখনj বিভাজন হোৱাটো নিবিচাৰোঁ। ভাষা লৈ দ্বিমত হোৱাটো আমি নিবিচাৰোঁ। ভাষাই মানুহক একত্ৰিত কৰে। ভাষাই মানুহক ভাগ ভাগ নকৰে"- ড° হিমন্ত বিশ্ব শৰ্মা

"আমি কেতিয়াও অখণ্ড ভাৰতবৰ্ষ বা অখণ্ড অসমখনj বিভাজন হোৱাটো নিবিচাৰোঁ। ভাষা লৈ দ্বিমত হোৱাটো আমি নিবিচাৰোঁ। ভাষাই মানুহক একত্ৰিত কৰে। ভাষাই মানুহক ভাগ ভাগ নকৰে"- ড° হিমন্ত বিশ্ব শৰ্মা

  • Share this:
"ড° নগেন শইকীয়া (Dr Nagen Saikia) এগৰাকী স্বনামধন্য ব্যক্তি। বৰাক (Barak)ৰ বিষয়ে যি মত দিছে এয়া তেখেতৰ ব্যক্তিগত মত।" গোসাঁইগাঁও বিধানসভা সমষ্টিৰ হাতীধূৰাত মিত্ৰজোঁটৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই এই মন্তব্য কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আমি কেতিয়াও অখণ্ড ভাৰতবৰ্ষ বা অখণ্ড অসমখনj বিভাজন হোৱাটো নিবিচাৰোঁ। ভাষা লৈ দ্বিমত হোৱাটো আমি নিবিচাৰোঁ। ভাষাই মানুহক একত্ৰিত কৰে। ভাষাই মানুহক ভাগ ভাগ নকৰে। আমাৰ অসমখন বিভিন্ন ভাষা সংস্কৃতিৰ মিলনভূমি। সমন্বয়ৰ সৈতে ইয়াত আমি সমিল-মিলেৰে সকলো জাতি জনগোষ্ঠী বসবাস কৰোঁ।" গোসাঁইগাঁও (Gosaigaon) বিধানসভা সমষ্টিৰ হাতীধূৰাত মিত্ৰজোঁটৰ UPPL দলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ হৈ এখন নিৰ্বাচনী সভাত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

বৰাক সম্পৰ্কত মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে গংগাধৰ নদীয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰা তামাৰহাটৰ বাঘডোকৰা গৰাখহনীয়া ৰোধৰ বাবে নদী বান্ধৰ দিয়াৰ আচঁনি লোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। গৰাখহনীয়া সমস্যা স্থায়ীভাৱে সমাধান কৰা হ'ব। তামাৰহাটৰ ভিতৰুৱা গাঁও অঞ্চলৰ বাট-পথ ষাঠি-সত্তৰ কোটি যি লাগে টকা দি পকীকৰণৰ  প্ৰতিশ্ৰুতি দিয়ে। তামাৰহাটত গংগাধৰ নদীৰ ওপৰত এখন নতুন দলং দিয়াৰ কথা চৰকাৰে চিন্তা কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মাটিৰ দালালৰ বিৰুদ্ধে যেনেদৰে অভিযান চলিছে ঠিক সেইদৰে ডিচেম্বৰ মাহৰ পৰা দুৰ্নীতিগ্ৰস্ত ৰেচন ডিলাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ হ'ব। যি সকল ডিলাৰে  হিতাধীকাৰীক কমকৈ বস্তু দিয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ হাতীধূৰাত আহি প্ৰথমে হাতীধূৰাত থকা ডিংডিঙা শ্ৰীনগৰ সত্ৰত সেৱা জনায়।
Published by:Manjumoni Borah
First published: