মোৰ কনভয়ৰ গাড়ীয়ে খুন্দিয়ালে স্বীকাৰ কৰিলোহেঁতেন, বিশ্বনাথৰ দুৰ্ঘটনাক লৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিপৰীতে স্থানীয় ৰাইজৰ দাবী – হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাতে নিহত হৈছে দুই যুৱক।

News18-Assam
Updated:August 16, 2019, 12:41 PM IST
মোৰ কনভয়ৰ গাড়ীয়ে খুন্দিয়ালে স্বীকাৰ কৰিলোহেঁতেন, বিশ্বনাথৰ দুৰ্ঘটনাক লৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিপৰীতে স্থানীয় ৰাইজৰ দাবী – হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাতে নিহত হৈছে দুই যুৱক।
News18-Assam
Updated: August 16, 2019, 12:41 PM IST
বিশ্বনাথৰ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুৰ্ঘটনাস্থলীৰ পৰা পলায়নৰ অভিযোগ নস্যাৎ কৰিছে মন্ত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে এয়া সম্পূৰ্ণ অসত্য কথা। মানুহক বিপথে পৰিচালিত কৰিব নাপায়। মোৰ কনভয়ৰ গাড়ীত খুন্দা লাগিলে স্বীকাৰ কৰিলোহেঁতেন। অসত্যৰ আশ্ৰয় ল’লে মৃতকৰ পৰিয়ালে ন্যায় নাপাব। দুৰ্ঘটনা কোনো অপৰাধ নহয়। ট্ৰাকক খুন্দা মৰাৰ দৃশ্য মই নিজেই দেখিছো। এম্বুলেন্স অহাৰ পিছতহে মই ঘটনাস্থলীৰ পৰা আঁতৰি আহিছো। নিশাই আহতজনৰ GNRCত চিকিৎসাৰ ব্যৱস্থা কৰি দিছো।

কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিপৰীতে স্থানীয় ৰাইজৰ দাবী – হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাতে নিহত হৈছে দুই যুৱক। ঘটনাক লৈ একাংশ স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি কৰে। আনহাতে, বিশ্বনাথ আৰক্ষীৰ মতেও ট্ৰাকৰ খুন্দাত মৃত্যু হৈছে দুই বাইক আৰোহীৰ। হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীয়ে খুন্দিওৱা নাছিল যুৱক দুজনক।

কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই :

আৰু চাওক পৰৱৰ্তী বাতৰি