মৰিয়নীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদ যাত্ৰাত অঘটন। কংগ্ৰেছৰ দুৰ্গ ৰূপে খ্যাত মৰিয়নীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুধবাৰে বিয়লি উপস্থিত হৈ কাটনিবাৰীৰ পৰা সহস্ৰাধিক সমৰ্থকক লগত লৈ মৰিয়নী নগৰৰ দিশে পদ ব্ৰজে আগবাঢ়ে। আনহাতে মন্ত্ৰীগৰাকীক চাবলৈ সেই সময়ত পথৰ দুয়োকাষৰ লগতে মৰিয়নী নগৰৰ ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহে।
বিজেপি সৰ্মথক সকলে জনপ্ৰিয় নেতাগৰাকীক এবাৰ চাবলৈ আৰু গামোচাৰে আদৰণি জনাবলৈ হেতাওপৰা লগায়। ফলত সমগ্ৰ মৰিয়নী নগৰৰ পথছোৱাত ব্যাপক ভিৰ আৰু যান-জঁটৰ সৃষ্টি হয়।
আনহাতে মৰিয়নী নগৰৰ দুয়োকাষে হাজাৰ হাজাৰ লোকে ফুল আৰু গামোচা লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ অপেক্ষা কৰি আছিল। সেই সময়তে নগৰৰ মাজমজিয়াৰ মছজিদৰ সমীপৰ পথৰ কাষত পাৰ্কিং কৰি থোৱা এখন বাহন আঁতৰাই দিবলৈ বিজেপি কৰ্মীয়ে গাড়ীৰগৰাকীক অনুৰোধ জনায়। কিন্তু ইয়াকে লৈ দুটা পক্ষৰ মাজত বাকবিতণ্ডা হয় আৰু পিছলৈ হতাহতিৰ ৰূপ লয়। পিছত মৰিয়নী আৰক্ষী আৰু স্থানীয় কেইজনমান লোকৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
উল্লেখ্য যে, বিজেপি কৰ্মীকেইগৰাকীৰ লগত হতাহতিত লিপ্ত হোৱা লোককেইজন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ লোক বুলি জানিব পৰা গৈছে। ইফালে দুয়োটা পক্ষই মৰিয়নী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|