এইবাৰ কেৱল তিনিটা শ্ৰেণীৰহে হ’ব পৰীক্ষা, মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ বাবেও বিশেষ নীতি-নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:October 17, 2020, 1:14 PM IST
এইবাৰ কেৱল তিনিটা শ্ৰেণীৰহে হ’ব পৰীক্ষা, মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ বাবেও বিশেষ নীতি-নিৰ্দেশনা
২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়, মহাবিদ্যালয়ত পাঠদান।

২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়, মহাবিদ্যালয়ত পাঠদান।

  • Share this:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল। অহা ২ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান। কিন্তু এটা শ্ৰেণীত কেৱল ২০ৰ পৰা ২৫ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব। সেইদৰে এইবাৰ হ্ৰাস কৰা হ’ব বিদ্যালয়ৰ পাঠ্যক্ৰম। এইবাৰ কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবেহে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে পৰীক্ষা পাতিব বোৰ্ডে। সেইদৰে অষ্টম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়ে অনুষ্ঠিত কৰিব। বাকী শ্ৰেণীক পৰীক্ষা অবিহনে উত্তীৰ্ণ কৰোৱা হ’ব।

মহাবিদ্যালয়ৰ বাবে কি কি নিৰ্দেশনাঃ


  • ২ নৱেম্বৰৰ পৰা অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনক স্বাভাৱিক ভাবে খোলা থাকিব।

  • কিন্তু হোষ্টেল খোলা নাথাকিব। ডিচেম্বৰৰ পৰা হোষ্টেল খুলিব।

  • অনলাইন আৰু অফলাইন শ্ৰেণী চলি থাকিব। কোনোবাই আহিব নোৱাৰিলে অনলাইন ক্লাছ কৰিব পাৰিব।

  • মহাবিদ্যালয় সমূহ 2 নৱেম্বৰৰ পৰা স্বাভাৱিকভাবে খুলিব।


  • প্ৰতি শ্ৰেণীত ২৫ তকৈ বেছি ছাত্ৰ ছাত্ৰী থাকিব নালাগে।

  • স্নাতক পৰ্যায়ৰ বাবে তিনিওটা চেমিষ্টাৰৰ বাবে বেলেগ বেলেগ বাৰত হ’ব পাঠদান।


প্ৰথম ছেমিষ্টাৰ- সোমবাৰ, বৃহস্পতিবাৰ
তৃতীয় ছেমিষ্টাৰ- মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰ।
পঞ্চম চেমিষ্টাৰ- মঙলবাৰ, বুধবাৰ, শনিবাৰ।

  • ঘৰৰ কাষৰ কলেজ খনতে এমাহৰ বাবে পঢ়িব পাৰিব।


বিদ্যালয়ৰ বাবে কি কি নিৰ্দেশনাঃ

  • পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব বিদ্যালয়।

  • মিড ডে মিলৰ বাবে গাঁওৰ ছাত্ৰ ছাত্ৰী সকল যাব পাৰিব।

  • বিদ্যালয় গৈ হম ৱক বা শিক্ষকৰ লগত আলোচনা কৰিব পাৰিব।

  • ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ’ব। ৮.৩০ বজাত বিদ্যালয় খুলিব। ১২,৩০ বজালৈকে এটা ক্লাচ। আৰু ১.৩০ৰ পৰা ৪.৩০বজালৈকে এটা ক্লাচ।

  • প্ৰথম ১৫ দিন অ’ৰিয়েনটেশ্যন হ’ব তাৰ পিছত ক্লাছ হ’ব।

  • ৰাতিপুৱা ৫০ শতাংশ আৰু পিছবেলা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীক মতা হ’‍ব।

  • পাঠ্যক্ৰম হ্ৰাস কৰোৱা হ’ব। কেৱল তিনিটা শ্ৰেণীৰহে পৰীক্ষা হ’ব।  ৮, ১০ আৰু ১২।

Published by: Himangshu Bhuyan
First published: October 17, 2020, 1:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading