• Home
  • »
  • News
  • »
  • assam
  • »
  • অসুস্থ অনুভৱ কৰিলেই ১০৪ত ফোন কৰক, কোৰোণাত আক্ৰান্ত নাপিতজনে চুলি কাটিছিল ৭০-৮০ জন লোকৰ

অসুস্থ অনুভৱ কৰিলেই ১০৪ত ফোন কৰক, কোৰোণাত আক্ৰান্ত নাপিতজনে চুলি কাটিছিল ৭০-৮০ জন লোকৰ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • Share this:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। গুৱাহাটীত শেহতীয়া দুদিনত কোৰোণা ভাইৰাছে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্যঃ

  • জ্বৰ হোৱা পিছতে ৰাজকমল হোটেললৈ আহিছিল কোৰোণাত আক্ৰান্ত হোৱা মাংৰু। সংস্পৰ্শলৈ আহিছিল বহুলোক। মাংৰুৰ সংস্পৰ্শলৈ অহা ৩০ জনৰ নমুনা সংগ্ৰহ।

  • অসমত এই প্ৰযন্ত ৮৬ জন কোৰোণাত আক্ৰান্ত। এইপৰ্যন্ত ৪০ জন আৰোগ্য।

  • অসুস্থ অনুভৱ কৰিলে ১০৪ ত ফোন কৰক।

  • নতুনকৈ ৩৪০ লোকৰ ছোৱাব পৰীক্ষা।

  • কোৰোণাত আক্ৰান্ত নাপিত  বিন্দেশ্বৰী ঠাকুৰে চুলি কাটিছিল ৭০-৮০ জন লোকৰ।

  • আজিৰ নিশা হ’ব তীব্ৰ প্ৰত্যাহ্বানমূলক


মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘গুৱাহাটীৰ কোনো লোকে যদি ৰাজকমল হোটেলত চুলি কটাইছিল বা কোৰোণাত আক্ৰান্ত হোৱাৰ লোকৰ সংস্পৰ্শলৈ অহা বুলি ভাবিছে, তেন্তে সেইসকল লোক অসুস্থ হ’লেই ফোন কৰক ১০৪ ত ফোন কৰক। অসুস্থ নহ’লেও কেইদিনমান নিজে একাশৰীয়াকৈ থাকক। ৰাইজৰ সহায় অবিহনে এই যুঁজ সম্ভৱ নহয়। গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত সকলো সচেতন হওক।’
First published: