உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'এজনে আনজনক দিয়ক জীৱন উপহাৰ'- ভেকচিন প্ৰদান কাৰ্যসূচীক অধিক গতিশীল কৰিবলৈ ৰাইজক আৰ্থিক সাহায্য দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে

    'এজনে আনজনক দিয়ক জীৱন উপহাৰ'- ভেকচিন প্ৰদান কাৰ্যসূচীক অধিক গতিশীল কৰিবলৈ ৰাইজক আৰ্থিক সাহায্য দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে

    ৰাইজে সহায় কৰক এই জন আন্দোলনকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    ৰাইজে সহায় কৰক এই জন আন্দোলনকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    ৰাইজে সহায় কৰক এই জন আন্দোলনকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    • Share this:
    ৰাজ্যত অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ চলি আছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া। এতিয়া এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া অধিক গতিশিল কৰি তুলিবলৈ ৰাইজক সাধ্য অনুসৰি দান-বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    'এজনে আনজনক দিয়ক জীৱন উপহাৰ'-এই কথা আগত ৰাখি ৰাইজে আৰোগ্য নিধিলৈ দান-বৰঙণি আগবঢ়াবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। কিন্তু ইয়াত নাই কোনো বাধ্যবাধকতা। ৰাজ্য চৰকাৰে বিনামূলীয়া কৈ ভেকচিন প্ৰদান কৰি থাকিব। কিন্তু প্ৰক্ৰিয়াটোক অধিক সফল কৰি তুলিবলৈহে সাহায্য আগবঢ়াব লাগে বুলি জনাই হিমন্ত বিশ্ব শৰ্মাই।

    এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'কোনোবাই ক'ব পাৰে যে, চৰকাৰৰ টকা নাই নেকি? মই কম যে, ৰাইজৰ টকাই চৰকাৰৰ টকা৷ আমি কৰ বৃদ্ধি কৰিলেহে টকা পাম। আমিটো টকা ছপা নকৰো৷ ৰাইজৰ টকাই চৰকাৰ চলে৷ আমি কৰ-কাতল বৃদ্ধি কৰিব বিচৰা নাই৷ ৰাইজে এজনে আনজনৰ ভেকছিন দিব পাৰে নেকি ভাৱক৷ এয়া হ'ব এজনৰ জীৱন ৰক্ষা কৰাৰ আনন্দ হ'ব।'

    মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় য়ে, 'তিনি কোটি মানুহক ভেকছিন দিবলৈ দহ মাহ লাগিব৷ চৰকাৰ আছেই৷ ৰাইজে ভেকছিন কাৰোবাক দিব বিচাৰিলে দিব পাৰে৷ এয়া হ'ব জন আন্দোলন। দান-বৰঙণি নাপালেও আমি ৰাইজক বিনামূলীয়াকৈ ভেকছিন দিমেই৷ আমাৰ ৰে'ল চলিয়েই থাকিব।'
    Published by:Himangshu Bhuyan
    First published: