• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘অসমীয়া ভাষাক সাংবিধানিক ৰক্ষাকৱচ, সকলো মাধ্যমৰ বিদ্যালয়তে দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব অসমীয়া ভাষা’

‘অসমীয়া ভাষাক সাংবিধানিক ৰক্ষাকৱচ, সকলো মাধ্যমৰ বিদ্যালয়তে দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব অসমীয়া ভাষা’

Source-Google

Source-Google

ৰাজ্যিক কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যবাসীৰ প্ৰতিবাদ দেখি ৰাজ্যিক কেবিনেটে দেখুৱালে ইটোৰ পিছত সিটো সপোন। দিলে নতুন নতুন প্ৰতিশ্ৰুতি।

  • Share this:
ৰাজ্যিক কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যবাসীৰ প্ৰতিবাদ দেখি ৰাজ্যিক কেবিনেটে দেখুৱালে ইটোৰ পিছত সিটো সপোন। দিলে নতুন নতুন প্ৰতিশ্ৰুতি।তাৰে ভিতৰত উল্লেখযোগ্য–

সংবিধানৰ ৩৪৫ নং অনুচ্ছেদক সংশোধন কৰি অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সংবিধান পদত্ত অধিকাৰ দিয়াৰ বাবে অনুৰোধ জনাব কেন্দ্ৰক। বৰাক উপত্যকা আৰু বড়োলেণ্ডতো অসমীয়া ভাষা সহযোগী ভাষা হিচাপে ৰখাৰ সিদ্ধান্ত।

বিধানসভাৰ পৰৱৰ্তী অধিবেশনত এখন বিধেয়কৰ জৰিয়তে ৰাজ্যৰ সকলো মাধ্যমৰ বিদ্যালয়তে দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা হ’ব অসমীয়া ভাষা।

অসমৰ ৬ খন ট্ৰাইবেল কাউন্সিলত সাংবিধানিক মৰ্যদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান।

অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশী লোকৰ বাবে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হ’৸ব। এই জিলাখনত ৰাভা হাছং, BTC বাদ পৰিব।

মৰাণ আৰু মটক অধ্যুষিত অঞ্চল সামৰি ডিব্ৰুগড়, তিনিচুকীয়াত দুখন নতুন স্বায়ত্ব শাসিত অঞ্চল গঠন হ’৸ব। মে’৸ মাহৰ ভিতৰত নিৰ্বাচন কৰি কাৰ্যক্ষম কৰাৰ সিন্ধান্ত গ্ৰহণ।

বিশ্বনাথ জিলা আৰু শিৱসাগৰ জিলাত এখন কৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত।

সতী সাধনীৰ জন্মদিন ৭ ব’হাগত ৰাজ্যিক বন্ধৰ ঘোষণা চৰকাৰ।

গোলাঘাটত স্থাপন কৰা হ’ব সতী সাধনীৰ ৰাজ্যিক বিশ্ববিদ্যালয় ।

বজালী মহকুমাক তৎকালীনভাৱে বজালী জিলালৈ উন্নীতকৰণ। সদৰ হ’ব পাঠশালা।

মৰাণ, মটক, চুতীয়া, আহোমৰ নামত ৫০০ কোটিৰ পুঁজি।

তিনিখন নতুন উন্নয়ণ পৰিষদ গঠন ।

টাই আহোম উন্নয়ণ পৰিষদৰ বাবে ২৫০ কোটি টকাৰ সাহায্য।

চুতীয়া আৰু কোঁচ ৰাজবংশী উন্নয়ন পৰিষদৰ বাবেও দিব সাহায্য।

অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়,পশু চিকিৎসা মহাবিদ্যালয় বিশেষ আসন সংৰক্ষণ। আহোম, চুতীয়া, কোচ ৰাজ্যৰ লোকৰ বাবে বিশেষ সংৰক্ষণৰব্যৱস্থা।

বৰ্তমানে পাই থকা মৰাণ, মটক, চাহ জনগোষ্ঠীৰ বাবে আৰু এখনকৈ অতিৰিক্ত আসন।

চাহ জনগোষ্ঠীৰ ছাত্ৰ–ছাত্ৰীৰ বাবে সাধাৰণ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বাবে বিশেষ আসন সংৰক্ষণ।

চাহ বাগিচাৰ ভিতৰত ১০০ খন নতুন হাইস্কুল নিৰ্মাণৰ কাম ৯০ দিনৰ ভিতৰত আৰম্ভ হ’৸ব কাম।

অসম চাহ নিগমত কাম কৰা ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ মজুৰি ১৬৭ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত।
Published by:Himangshu Bhuyan
First published: