বৃহস্পতিবাৰে সন্ধিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল।
বৃহস্পতিবাৰে সন্ধিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল।
ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী গৰম বতাহ। ২০২১ত হ’বলগীয়া বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সুয়োগ পালেই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধীক। তাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে এখন সংবাদমেল। সংবাদমেলত নৱগঠিত আঞ্চলিক শক্তি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একেলগে নিৰ্বাচন খেলিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৃথকে পৃথকে নিৰ্বাচন খেলিলে দল দুটাৰ প্ৰাৰ্থীয়ে ২, ৩ হাজাৰতকৈ অধিক ভোট নাপাই। গতিকে একেলগে হৈ নিৰ্বাচন খেলিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।
ইফালে দুলীয়াজানত চলি থকা আছুৰ অধিৱেশনকো কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। আছুৰ অধিৱেশনত যাতে ২১ নৱেম্বৰৰ দিনটোত কাজিয়া নোহোৱাকৈ ভালদৰে পাৰ হয় তাৰে কামনা কৰিছো বুলি তাচ্ছিল্লসূচক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। ইফালে আছুৰ অধিৱেশনৰ পিছতে একাংশ আছু নেতাই প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘ছাত্ৰ সকলে পঢ়া শুনা কৰি লওক। তাৰ পিছত ৰাজনীতি কৰিব। তেওঁলোকৰ কোৰ্চেই শেষ হোৱা নাই। কোৰ্চ শেষ কৰি অলপ প্ৰশিক্ষণ লৈ ৰাজনীতিলৈ আহিবলৈ আহ্বান জনালে মন্ত্ৰী শৰ্মাই।
ইফালে বিটিচি নিৰ্বাচনত কোৰোণাৰ প্ৰট’কল চূড়ান্ত ভালে উলংঘা হোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মোৰ কাম দেখি সৰ্বদলীয় সভাই নিৰ্বাচন বিচাৰিলে। সেয়ে হৈছে। গতিকে সভা সমিতিত মানুহ আহিবই। কোৰোণাৰ প্ৰকোপ কি পৰিস্থিতিত আছে সেয়া সকলোৱে জানে। মই btc নিৰ্বাচন নালাগে বুলিয়েই কৈছিলো।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|