உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • টেট উত্তীৰ্ণৰ চাকৰি কেতিয়া? সংবাদমেলত টেট শিক্ষকসকলৰ বাবেও ডাঙৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    টেট উত্তীৰ্ণৰ চাকৰি কেতিয়া? সংবাদমেলত টেট শিক্ষকসকলৰ বাবেও ডাঙৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

     ফাইল ফটো

    ফাইল ফটো

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

    • Share this:
    দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেট শিক্ষকসকলৰ সন্দৰ্ভতো বিশেষ মন্তব্য কৰে। ৰাজ্যত সৰ্বশিক্ষাৰ অধীনত সেৱা আগবঢ়াই থকা ২৯,৭০১ জন শিক্ষকৰ চাকৰি কাল ৬০ বছৰ পৰ্যন্ত বাহাল থাকিব বুলি মন্ত্ৰী শৰ্মাই ঘোষণা কৰে। আনকি চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সুবিধা লাভ কৰিব। প্ৰতিবছৰে চৰকাৰী কৰ্মচাৰীৰ দৰে দৰমহা প্ৰতি বছৰে বৃদ্ধি পাব। ডি এ লাভ কৰিব। সকলো সুবিধা লাভ কৰিব। আনকি বেংকৰ পৰা লোনো লাভ কৰিব।

    সেইদৰে ১১,২০৬ গৰাকী ষ্টেট পুল শিক্ষকে ৰাজ্য চৰকাৰৰ পৰা যি দৰমহা লাভ কৰিছিল, সেই দৰমহাৰ পৰিৱৰ্তে ১ জুনৰ পৰা কাৰ্যকাৰী হোৱাকৈ চৰকাৰৰ ৰেগুলাৰ পে স্কেল লাভ কৰিব। তেওঁলোকৰো দৰমহা প্ৰতি বছৰে বাঢ়িব। সেইদৰে ৬০ বছৰলৈকে বাহাল থাকিব তেওঁলোকৰো চাকৰি।

    ইয়াৰ লগে লগে ৰাজ্য চৰকাৰে আজিৰ পৰা এই সকল শিক্ষকৰ চাকৰি ৬০ বছৰলৈকে নিশ্চিতি প্ৰদান কৰিলে। ফলত নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ল বুলি দাবী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ইয়াৰ উপৰিও হাইস্কুলৰ ঠিকা ভিত্তিক শিক্ষকসকলেও নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা লাভ কৰিব। সেইদৰে চাকৰি কাৰ্যকাল ৬০ বছৰ পৰ্যন্ত বাহাল থাকিব। লগতে চৰকাৰী শিক্ষকে লাভ কৰা সকলো সুবিধা লাভ কৰিব।

    টেট উত্তীৰ্ণই কেতিয়া পাব চাকৰি?

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰে যে, টেট উত্তীৰ্ণ সকলে কেতিয়া লাভ কৰিব চাকৰি?
    মন্ত্ৰীগৰাকীয়ে কয় যে, ‘চৰকাৰে কোনো দিন কোৱা নাই যে, টেট উত্তীৰ্ণ হ’লেই চৰকাৰে চাকৰি প্ৰদান কৰিব। টেট মাত্ৰ এটা অৰ্হতাহে। শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিছে মাত্ৰ। সকলোৱে যে চাকৰি পাব সেইটো কথাও নহয়। যেতিয়া পদ খালী হ’ব বা বিজ্ঞাপন ওলাব, তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনৰ ভিত্তিত লাভ কৰিব চাকৰি।
    First published: