• Home
  • »
  • News
  • »
  • assam
  • »
  • ৮ মে’ত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা, লগতে অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

৮ মে’ত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা, লগতে অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

ল’ক ডাউনৰ ফলত অসমত ৰাজহ সংগ্ৰহ ৮০ শতাংশ নিম্নগামী হৈছে।

ল’ক ডাউনৰ ফলত অসমত ৰাজহ সংগ্ৰহ ৮০ শতাংশ নিম্নগামী হৈছে।

ল’ক ডাউনৰ ফলত অসমত ৰাজহ সংগ্ৰহ ৮০ শতাংশ নিম্নগামী হৈছে।

  • Share this:
দেশত এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণা ভাইৰাছৰ ফলত ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি। ল’ক ডাউনৰ ফলত অসমতো ৰাজহ সংগ্ৰহ ৮০ শতাংশ নিম্নগামী হৈছে। তাৰ মাজতে অহা ৮ মে’ত ৰাজ্যিক কৰ্মচাৰীক দৰমহা প্ৰদান কৰাৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু সংবাদমেলত ৰাজ্যৰ অৰ্থনীতি আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ কেতবোৰ বিশেষ মন্তব্য কৰে মন্ত্ৰী শৰ্মাই-

  •  কৰ্মশালা, চেমিনাৰৰ লগতে পঞ্চতাৰকা হোটেলত চৰকাৰী অনুষ্ঠান বাতিল কৰাৰো লোৱা হয় সিদ্ধান্ত।

  • আনকি চৰকাৰী খৰচত কৰ্মচাৰী থাকিব নোৱাৰিব পঞ্চতাৰকা হোটেলত।

  • কেৱল মুখ্যমন্ত্ৰী, ৰাজ্যপাল, মুখ্যসচিব, মুখ্য ন্যায়াধীশ, ন্যায়াধীশৰ বাহিৰে অন্যান্য কৰ্মচাৰীয়ে বিমানত এক্সক্লুছিভ ক্লাচৰ টিকট ক্ৰয় কৰিব নোৱাৰিব।

  • নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষৰ দৰমহা ২৫ শতাংশ কৰ্তনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

  • সেইদৰে ২০২০-২১ৰ চাৰি মাহৰ বিধায়ক পুঁজি বৰ্তমান স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ।

  • বিভাগে নতুন আঁচনিৰ বাবে বিত্ত বিভাগৰ অনুমোদন ল’ব লাগিব।

Published by:Himangshu Bhuyan
First published: