এতিয়াৰ পৰা মাস্ক নিপিন্ধিলে ভৰিব লাগিব জৰিমনা, হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ A to Z

News18 Assam | News18-Assam
Updated:May 7, 2020, 7:33 PM IST
এতিয়াৰ পৰা মাস্ক নিপিন্ধিলে ভৰিব লাগিব জৰিমনা, হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ A to Z
Source-Google

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়

  • Share this:
শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিতি কিদৰে ৰাজ্যখন আগবঢ়াই নিব পৰা যাব, সেই আটাইবোৰ দিশ এতিয়া পৰ্য়ালোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। সংবাদমেলৰ জৰিয়তে ৰাজ্যত শিক্ষা ব্যৱস্থাত আগন্তুক দিনত বহু কেইটা নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ সম্ভাৱনাৰ সন্দৰ্ভতো সংবাদমেলত জনাই মন্ত্ৰীগৰাকীয়ে।

শিক্ষা ব্যৱস্থা আগুৱাই নিয়াৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ  বিশেষ মন্তব্য


  • অসমত শিক্ষা বৰ্ষটো ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ পোষকতা কৰে মন্ত্ৰী হিমন্তই।এইক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে SEBA লৈ বিশেষ পৰামৰ্শ প্ৰেৰণ কৰিছে।

  •  ১ মে’ৰ পৰা ৩১মে’ লৈ গৰম বন্ধৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  • মহাবিদ্যালয় সমূহত অনলাইন নামভৰ্তি হ’ব। ডিজিটেল মাৰ্কছিট দিব।

  • ২৬,২৭ আৰু২৮ মেত উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে মাস্ক পিন্ধি মহাবিদ্যালয়লৈ গৈ বিনামূলীয়া পাঠ্যপুথি আনিব পাৰিব।


  • অন লাইন ক্লাছ চলি থাকিব। ছাত্ৰ ছাত্ৰীৰ নিজৰ স্মাৰ্ট ফোন নাথাকিলেও ঘৰৰ অন্য জনৰ পৰা লৈ ‘DIKSHA APP’ ডাউনলড কৰি শিক্ষা লবলৈ অনুৰোধ জনাই শিক্ষা মন্ত্ৰী গৰাকীয়ে।

  • লক ডাউনৰ সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে লিখা কবিতা, ৰচনা , গল্প আদিৰ ওপৰত চৰকাৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

  •  

    বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰেক্টিকেলৰ বাবে অধ্যায়ন কৰা মহাবিদ্যালয়ৰ বিজ্ঞানাগাৰলৈ যাব পাৰিব।

  • গাওঁৰ চোটালত শিক্ষক শিক্ষয়ত্ৰীৰ দ্বাৰা ১ জুনৰ পৰা পাঁচজন ছাত্ৰ-ছাত্ৰীক লৈ পঢ়োৱাৰ ব্যৱস্থা কৰিব।

  •  

    লক ডাউনৰ সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে লিখা কবিতা, ৰচনা , গল্প আদিৰ ওপৰত চৰকাৰে কিছু দিন পিছত ১০ হাজাৰৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।


ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত

  • অসমত মুঠ ৪৫ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছিল তাৰে ৩৪ গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে আৰু এজন লোকৰ মৃত্যু হৈছে। শতাংশ হিচাপত ৭৫.৫৬% লোক অসমত সুস্থ হৈছে।

  • আজমিৰৰ জিলা প্ৰশাসনে ৪৩ গৰাকী লোকক বাছেৰে শিলচৰলৈ লয় আহিছিল তাৰে এগৰাকী লোকৰ দেহত কোৰোণা পজিটিভ পোৱা গৈছে।

  • অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকক উভতাই অনাৰ বাবে দেশৰ গৃহ মন্ত্ৰণালয়ে অনুমতি দিছিল।

  • লক ডাউন শিথিলতাৰ সময়ত জনসাধাৰণো সচেতন হব লাগিব। অতি প্ৰয়োজন নহ’লে ঘৰৰ পৰা লোকসকলক বাহিৰলৈ নোলাবলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে।

  •  বাহিৰত ঘুৰি ফুৰা কৰিলে সকলোৱে মাস্ক পৰিধান কৰিব লাগিব। অন্যথা ৫০০ টকাৰ জৰিমনাৰ লগতে আইন মতেও দণ্ডনীয় হ’ব।

  •  অসম আৰোগ্য নিধিলৈ ৰাজ্যৰ ৫০ হাজাৰ লোকে মুঠ ১০৯ কোটি ৪৩ লাখ টকাৰ সাহাৰ্য দিছে।


কৰ্মচাৰীসকলৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • দেশৰ উদ্যোগ খুলিছে, ব্যৱসায় আৰম্ভ হৈছে। সেয়ে অন্য ৰাজ্যত থাকি বিভিন্ন উদ্যোগত কাম কৰা অসমৰ লোকসকলক ঘৰলৈ অহাৰ ক্ষেত্ৰত আকৌ এবাৰ এবাৰ চিন্তা কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • মন্ত্ৰীৰ মতে, অন্য ৰাজ্যত থকা সকলো লোক অসমলৈ আহিলে তেওলোকক কোৱাৰেণ্টাইন কৰা ঠাইৰ অভাৱ হ’ব।

  • শুকুৰবাৰৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা পাব। ট্ৰেজাৰী খুলি দিছে চৰকাৰে।


বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শিক্ষাৰ্থীসকলৰ বাবে আৰ্থিক সাহায্য

  • পশ্চিম আৰু দক্ষিণ প্ৰান্তৰ ৰাজ্যৰ পৰা আহিবলগীয়া ছাত্ৰ-ছাত্ৰীক গাইপতি ৫০০০ টকা, দিল্লী বা নৰ্থ জোনৰ পৰা আহিলে গাইপতি ৩০০০ আৰু পূৱ প্ৰান্তৰ পৰা আহিলে ২০০০ টকাকৈ দিব ৰাজ্য চৰকাৰে। তাৰ বাবে  ১৮০০৩৪৫৩৫২৫ নম্বৰ অথবা ‘#assam student help desk’ টুইটাৰ একাণ্টত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে।


সুৰাৰ দাম বৃদ্ধিৰ ইংগিত

  • সুৰাৰ কৰ বৃদ্ধিৰ ইংগিত মন্ত্ৰী হিমন্তৰ। শুকুৰবাৰে কেবিনেট বৈঠক আছে। বৈঠকতে তিনিখন ৰাজ্য ক্ৰমে অসম, আৰুণাচল প্ৰদেশ আৰু মেঘালয়ে সিদ্ধান্ত লব।


 
First published: May 7, 2020, 7:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading