মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, কি ক’লে সংবাদমেলত?

News18 Assam | News18-Assam
Updated:January 28, 2020, 3:09 PM IST
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, কি ক’লে সংবাদমেলত?
‘এই চুক্তিৰ দ্বাৰা বড়োলেণ্ডত বসবাস কৰা অনাবড়ো লোকৰ কোনো হাৰাশাস্তি নহয়। অনাবড়ো গাঁও ওলাই অহাৰ সুবিধাও আছে। বড়োভূমিৰ স্থায়ী শান্তিৰ বাবে এই বড়ো চুক্তিত সম্পূৰ্ণ ৰূপে উল্লেখ আছে।’ – সংবাদমেলত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

  • Share this:
আজি এক সংবাদমেলৰ আয়োজন কৰি সোমবাৰে স্বাক্ষৰিত তৃতীয়খন বড়ো শান্তি চুক্তিক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া ভাষাৰ সুৰক্ষাৰ কথা চিন্তা কৰি বড়ো ভাষাক সহযোগী ভাষা হিচাপে ৰখা হৈছে এই চুক্তিত। পাৰ্বত্য পাৰ্বত্য অঞ্চলত বসবাস কৰা বড়োসকলকো উচিত মৰ্যাদাৰ কথা কোৱা হৈছে।

‘এই চুক্তিৰ দ্বাৰা বড়োলেণ্ডত বসবাস কৰা অনাবড়ো লোকৰ কোনো হাৰাশাস্তি নহয়। অনাবড়ো গাঁও ওলাই অহাৰ সুবিধাও আছে। বড়োভূমিৰ স্থায়ী শান্তিৰ বাবে এই বড়ো চুক্তিত সম্পূৰ্ণ ৰূপে উল্লেখ আছে।’ – সংবাদমেলত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

৩০ জানুৱাৰীত এনডিএফবিৰ চাৰিওটা সংগঠনৰ প্ৰায় ১৫০০ সদস্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অস্ত্ৰ সম্বৰণ কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ৭ ফেব্ৰুৱাৰীত অসমলৈ আমন্ত্ৰন জনাইছে অসম চৰকাৰে। পৰেশ বৰুৱাকো মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই। বড়ো শান্তি চুক্তিৰ দৰেই আলফাৰ লগতো শান্তি আলোচনা কৰিব কেন্দ্ৰীয় চৰকাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি