• Home
  • »
  • News
  • »
  • assam
  • »
  • Deshbhakti Divas: দেশভক্তি দিৱসত দেশভক্তক সোঁৱৰণ মুখ্যমন্ত্ৰীৰ, মাজখোৱাত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

Deshbhakti Divas: দেশভক্তি দিৱসত দেশভক্তক সোঁৱৰণ মুখ্যমন্ত্ৰীৰ, মাজখোৱাত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

অসমৰ নিউ লেফটসকলে শ্যামাপ্ৰসাদ মুখাৰ্জীক আদৰি নোলোৱাক লৈ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ।

অসমৰ নিউ লেফটসকলে শ্যামাপ্ৰসাদ মুখাৰ্জীক আদৰি নোলোৱাক লৈ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ।

অসমৰ নিউ লেফটসকলে শ্যামাপ্ৰসাদ মুখাৰ্জীক আদৰি নোলোৱাক লৈ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ।

  • Share this:

তৰুণৰাম ফুকনৰ পুণ্য তিথিত গভীৰ শ্ৰদ্ধাঞ্জলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তৰুণৰাম ফুকনে অসমৰ হৈ গ্ৰহণ কৰিছিল অগ্ৰণী ভূমিকা ৷ কোভিডময় পৰিৱেশৰ বাবে চৰকাৰে কাৰ্যসূচী চমু কৰা বুলি সদৰী কৰি অনাগত দিনত তৰুণৰাম ফুকনৰ জীৱন দৰ্শন আৰু আদৰ্শৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হ'ব বুলি মন্তব্য কৰে ৷


তৰুণৰাম ফুকনে মহামানৱ মহাত্মা গান্ধীক প্ৰথম অসমলৈ আনিছিল ৷ কংগ্ৰেছৰ ২৬সংখ্যক অধিৱেশনত পাণ্ডুলৈ আহিছিল সকলো ৰাজনৈতিক নেতা ৷ অধিৱেশনতে তৰুণৰাম ফুকনে ভাৰতৰ স্বাধীনতা আজি নহ'লে কালি হ'ব বুলি স্পষ্টকৈ কৈছিল ৷ '৪২ৰ আন্দোলনৰ পটভূমি আছিল পাণ্ডু অধিৱেশন ৷


স্বাধীনতা আন্দোলনৰ ভূমিকাৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে লগতে কয়- 'সেইসময়ৰ তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈয়ে কোৱা কথা আজি বিজেপিয়ে ক'লে অধিক সাম্প্ৰদায়িক আখ্যা দিয়ে, তথাপি তেনে কথা ক'বলৈ ভয় নকৰোঁ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ স্বাধীনতা সংগ্ৰামৰ সময়ত কংগ্ৰেছে কোৱা কথাসমূহ আজি পৃথকভাৱে লোৱা হৈছে, ইয়াৰ বিপৰীতে স্বাধীনতা সংগ্ৰামৰ উত্তৰসূৰীসকলে কোৱা কথা পৰৱৰ্তী সময়ত তল পৰিল ৷


তেওঁ লগতে উল্লেখ কৰে যে ১৯৫০ চনত গোপীনাথ বৰদলৈয়ে পশুধন সুৰক্ষা আইন আনিছিল আৰু সেই আইন অনুসৰি বিজেপি চৰকাৰে পশুক লৈ আইন অনা বুলি দাবী কৰে৷


আনহাতে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰসংগত কয় যে সেইসময়ৰ তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ সঁচাকৈয়ে দূৰদৰ্শী আছিল ৷ একেই দূৰদৰ্শী চিন্তা আছিল শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৷ কিন্তু অসমৰ নিউ লেফটসকলে শ্যামাপ্ৰসাদ মুখাৰ্জীক আদৰি নলয় ৷ তেনে লোকক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Published by:Gautam Barman
First published: