உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছে ১.৭ কোটি টকাৰ সম্পত্তি,  ৫ বছৰত ১০ কোটি টকা পৰ্যন্ত বাঢ়িল হিমন্তৰ পৰিয়ালৰ আয় 

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছে ১.৭ কোটি টকাৰ সম্পত্তি,  ৫ বছৰত ১০ কোটি টকা পৰ্যন্ত বাঢ়িল হিমন্তৰ পৰিয়ালৰ আয় 

    PTIৰ প্ৰতিবেদন অনুসৰি, যোৱা পাঁচ বছৰত মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ মুঠ আয় ১০ কোটি পৰ্যন্ত বৃদ্ধি পালে। কেৱল পত্নীৰে ৯ কোটি টকাৰ সম্পত্তি বৃদ্ধি পালে।

    PTIৰ প্ৰতিবেদন অনুসৰি, যোৱা পাঁচ বছৰত মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ মুঠ আয় ১০ কোটি পৰ্যন্ত বৃদ্ধি পালে। কেৱল পত্নীৰে ৯ কোটি টকাৰ সম্পত্তি বৃদ্ধি পালে।

    PTIৰ প্ৰতিবেদন অনুসৰি, যোৱা পাঁচ বছৰত মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ মুঠ আয় ১০ কোটি পৰ্যন্ত বৃদ্ধি পালে। কেৱল পত্নীৰে ৯ কোটি টকাৰ সম্পত্তি বৃদ্ধি পালে।

    • Share this:
    নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত থকা মুঠ সম্পত্তিৰ পৰিমাণ ১.৭ কোটি টকা। হাতত আছে মাত্ৰ ২৫ হাজাৰ টকা। আছে ৫০ লাখ টকাৰ বেংক ডিপজিত। অন্য কোনো বিনিয়োগ বা ইঞ্চুৰেন্স পলিচী নাই মন্ত্ৰী হিমন্তৰ।

    জালুকবাৰী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ ব্যক্তিগত কোনো বাহন নাই বুলি উল্লেখ কৰিছে।

    PTIৰ প্ৰতিবেদন অনুসৰি, যোৱা পাঁচ বছৰত মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ মুঠ আয় ১০ কোটি পৰ্যন্ত বৃদ্ধি পালে। কেৱল পত্নীৰে ৯ কোটি টকাৰ সম্পত্তি বৃদ্ধি পালে। মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সম্পত্তি পত্নীৰ লগতে তেওঁৰ পুত্ৰ আৰু কন্যাৰ নামতো আছে। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ ১৭.২৭ কোটি টকা। ৫ বছৰৰ পূৰ্বে মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৬.৩৮ কোটি টকা।

    মন্ত্ৰীগৰাকীয়ে দাখিল কৰা শপতনামাত তেওঁৰ পুত্ৰৰ নামত থকা সম্পত্তিৰ পৰিমাণ ৫৫.৭১ লাখ দেখুওৱাৰ বিপৰীতে কন্যাৰ নামত দেখুৱাইছে ৫২ লাখ টকা।

    সেইদৰে পত্নী ৰিনিকি ভূঞা শৰ্মাৰ অস্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৪.৪৭ কোটি টকা। ২০১৬ চনত আছিল ৫.২৭ কোটি টকা।

    পত্নী ৰিনিকি ভূঞাৰ হাতত আছে ৩১ হাজাৰ টকা। বেংকত জমা আছে ৯৯.৬৪ কোটি টকা। ২০১৬ চনত বেংকত জমা আছিল ৯ লাখ টকা। লগতে ২৯.২০ কোটি টকাৰ বিভিন্ন বিনিয়োগ বা পলিচী আছে মন্ত্ৰীগৰাকীৰ পত্নীৰ নামত।

    ২০১৬ চনৰ পিছৰ পৰা মন্ত্ৰী হিমন্তই ক্ৰয় কৰা নাই কোনো সোণ। বৰ্তমান তেওঁৰ হাতত আছে ১৮০ গ্ৰাম সোণ। কিন্তু মন্ত্ৰী হিমন্তৰ পত্নী ৰিনিকি ভূঞাৰ হাতত আছে ১৪৫৯.২১ গ্ৰাম সোণ। যাৰ দাম প্ৰায় ৬০ লাখ টকা। পত্নীৰ আছে দুখন বিলাসী বাহন, চাৰিটা স্থানত আছে মাটি।

    দুয়োটা সন্তানৰ নামত আছে ৪০ লাখ টকাকৈ সোণ।

    ২০১৯-২০ বিত্তীয় বৰ্ষত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৫ কোটি টকাৰ আয়কৰ পৰিশোধ কৰাৰ লগতে পত্নী ৰিনিকি ভূঞাই ২.৯৭ কোটি টকাৰ আয়কৰ পৰিশোধ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: